নিউজ ডেস্ক। জুইৰ লেলিহান শিখাই আগুৰি ধৰা এখন দোকানৰ ভিতৰৰ পৰা এটি কণমানিক বুকুৰ মাজত সাৱটি সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল এগৰাকী আৰক্ষী কনিষ্টবলে।
শিশুটিক বুকুত সাৱটি আৰক্ষী জোৱানজনে জুইৰ মাজেৰে দৌৰি অহাৰ এখন ফটো ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

শিশুটিৰ জীৱন ৰক্ষাৰ বাবে নিজৰ জীৱনকো তুচ্চ জ্ঞান কৰা আৰক্ষী কনিষ্টবলগৰাকীৰ সাহসিকতাই এতিয়া মন জয় কৰিছে লাখ লাখ নেটিজেনৰ।
উল্লেখ্য যে, যোৱা শনিবাৰে ৰাজস্থানৰ কৰ’লিত হিন্দু ধৰ্মাৱলম্বী লোকে ৰূপায়ণ কৰা এটা শোভাযাত্রাত শিলগুটি দলিওৱা কাণ্ডক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

দুটা ফৈদৰ মাজত সৃষ্টি হোৱা সংঘৰ্ষৰ সময়ত অঞ্চলটোৰ বহু ব্যৱসায়িক প্ৰতিষ্ঠান, দোকান-পোহাৰ, ঘৰত অগ্নিসংযোগ কৰে দুৰ্বৃত্তই। ইফালে এই হিংসাত্মক ঘটনাত ৪ গৰাকী আৰক্ষী জোৱানসহ ৪২ জন লোক আহত হয়।

পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অঞ্চলটোত ৬ শতাধিক আৰক্ষী মোতায়েন কৰাৰ লগতে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়ে প্ৰশাসনে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে ৩০ জনৰো অধিক লোকক আটক কৰিছে।
আনহাতে অঞ্চলটোৰ এই উত্তপ্ত পৰিস্থিতিৰ মাজতে দুৰ্বৃত্তই জ্বলাই দিয়া এখন দোকানৰ ভিতৰত আৱদ্ধ হৈ পৰে এটি তিনিবছৰীয়া শিশু আৰু দুগৰাকী মহিলা। দাউদাউকৈ জ্বলি উঠা জুইৰ মাজত আৱদ্ধ হৈ থকা শিশুটি আৰু মহিলা দুগৰাকীয়ে সহায়ৰ বাবে চিঞৰে।
“तम में प्रकाश हूँ,
— Sukirti Madhav Mishra (@SukirtiMadhav) April 4, 2022
कठिन वक़्त की आस हूँ।”
So proud of constable Netresh Sharma of Rajasthan Police for saving a precious life. This picture is in deed worth a thousand words.. pic.twitter.com/U2DMRE3EpR
সেই সময়ত দোকানখনৰ সন্মুখত কৰ্তব্যৰত হৈ থকা নেত্ৰেশ শৰ্মা নামৰ ৩১ বৰ্ষীয় আৰক্ষী কনিষ্টবলে মহিলা কেইগৰাকীৰ সহায়ৰ বাবে জনোৱা আহ্বান শুনি জুইৰ বাধাক নেওচি দোকানৰ ভিতৰত প্ৰৱেশ কৰে আৰু এখন কাপোৰেৰে শিশুটিক মেৰিয়াই লৈ বুকুৰ মাজত সাৱটি পুনৰ লেলিহান জুইৰ মাজেৰে দৌৰি বাহিৰলৈ ওলাই আহে।
আৰক্ষী কনিষ্টবলজনৰ এই তৎপৰতা আৰু সাহসিকতাৰ বলত সুৰক্ষিতভাৱে প্ৰাণ ৰক্ষা পৰে কণমানি শিশুটিৰ।
শিশুটিক বুকুৰ মাজত লৈ অগ্নিদগ্ধ দোকানখনৰ পৰা ওলাই অহা আৰক্ষী কনিষ্টবল নেত্ৰেশ শৰ্মাৰ ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ পিছতে ভাইৰেল হৈ পৰিছে।
লগতে চাওকঃ
পূৰ্ণ হ’ল কন্যা সন্তানৰ বাঞ্ছা, হেলিকপ্টাৰত উঠাই ঘৰলৈ আদৰিলে আনন্দত আত্মহাৰা পিতৃ-মাতৃয়ে…
