অসম

দলীয় শাখাতো পদক জয়ৰ আশা পূৰণ নহ’ল হিমাৰ, ৪x১০০ মিটাৰ ৰিলেত ভাৰতৰ পঞ্চম স্থান লাভ…

দলীয় শাখাতো পদক জয়ৰ আশা পূৰণ নহ’ল হিমা দাসৰ।

কমনৱেলথ গেমছ ২০২২ত মহিলাৰ ৪x১০০ মিটাৰ ৰিলেত পঞ্চম স্থানতে থমকিল ভাৰতীয় দলটো।

ভাৰতৰ মহিলাৰ ৪x১০০ মিটাৰ ৰিলে দলে ৪৩.৮১ ছেকেণ্ড সময়ৰ সৈতে পঞ্চম স্থানত থাকে।

ভাৰতীয় মহিলা দলটোত আছিল দ্যুতি চান্দ, হিমা দাস, শ্ৰাবানী নন্দা আৰু জ্যোতি য়াৰাজী।

দ্যুতি চান্দৰ পৰা আৰম্ভ হৈ হিমা, শ্ৰাবানী আৰু শেষত জ্যোতিয়ে সম্পূৰ্ণ কৰিছিল দৌৰ।

খেলত নাইজেৰিয়াই ৪২.১০ ছেকেণ্ড সময়ৰ সৈতে সোণৰ পদক জয় কৰিবলৈ সক্ষম হয়।

তাৰ বিপৰীতে ইংলেণ্ডে ৪২.৪১ ছেকেণ্ড সময়ৰ সৈতে দ্বিতীয় স্থানত থাকে।

আনহাতে এই দৌৰ প্ৰতিযোগিতাৰ হট ফেভাৰিট হৈ নমা মহিলাৰ জামাইকা দলে তৃতীয় স্থানত থাকি ব্ৰঞ্জ পদক লাভ কৰে। জামাইকাৰ দলটোৱে সময় লয় ৪৩.০৮ ছেকেণ্ড।

উল্লেখ্য যে, ২০০ মিটাৰ দৌৰতো ০.০১ ছেকেণ্ডৰ ব্যৱধানত থমকিব লগা হৈছিল হিমা দাস।

Related Articles

Back to top button