fbpx
অসমীয়াআন্তঃৰাষ্ট্ৰীয়

দলঙৰ ওপৰতে দপদপাই জ্বলি উঠিল যাত্ৰীবাহী ৰে’ল! প্ৰাণ বচাবলৈ খিৰিকিৰে জাপ দিলে যাত্ৰীয়ে, ভিডিঅ’

নিউজ ডেস্কঃ ৰে’লৱে ব্ৰীজৰ ওপৰতে এখন যাত্ৰাবাহী চলন্ত ৰে’লত হঠাৎ অগ্নিকাণ্ড সংঘটিত হোৱাত হাহাকাৰ লাগে যাত্ৰীৰ মাজত। দাউদাউকৈ জ্বলি উঠা জুইৰ পৰা প্ৰাণ ৰক্ষা কৰিবলৈ বহু আতংকিত যাত্ৰীয়ে সেই সময়ত খিৰিকিৰে জপিয়াই পৰে নদীত।

এনে ধৰণৰ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৱেলিংটন আৰু এচেম্বলী ষ্টেচনৰ মাজৰ মিষ্টিক নদীৰ ওপৰৰ ৰে’লৱে দলঙত। এখন যাত্ৰাবাহী ৰে’ল দলংখনৰ ওপৰত উপস্থিত হোৱাৰ সময়তে ৰে’লৰ সন্মুখৰ কম্পাৰ্টমেণ্টত অগ্নিকাণ্ড সংঘটিত হয়। সেই সময়ত ৰে’লখনৰ ভিতৰত আছিল কমেও ২০০ গৰাকী যাত্ৰী।

ইফালে অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে যাত্ৰী সকলৰ মাজত আতংকই বিৰাজ কৰে। বহু যাত্ৰীয়ে ৰে’লৰ দুৱাৰ খুলিবলৈ চেষ্টা কৰি ব্যৰ্থ হোৱাত অৱশেষত খিৰিকী ভাঙি বাহৰিলৈ জঁপিয়াই পৰে।

ঘটনাটো বৃহস্পতিবাৰে পুৱা মেচাচুচেটছৰ ডানা দলঙত সংঘটিত হয়। মেচাচুচেটছ বে ট্ৰান্সপোৰটেচন অথৰিটিয়ে (এমবিটিএ) জানিবলৈ দিয়া মতে, পুৱা এটা অৰেঞ্জ লাইন ৰেলৰ সন্মুখৰ কম্পাৰ্টমেণ্টত অগ্নিৰ সূত্ৰপাত ঘটে।

ইফালে ৰে’লখনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ বিষয়ে খবৰ লাভ কৰাৰ লগে লগে উদ্ধাৰকাৰী দল আৰু এমবিটিএৰ বিষয়া-কৰ্মচাৰী ঘটনাস্থলীত উপস্থিত হৈ আৱদ্ধ যাত্ৰী সকলক সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!