দক্ষ আৰক্ষী বিষয়া মস্কো শইকীয়াৰ আকস্মিক মৃত্যু…

মঙলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মস্কো শইকীয়াৰ আকস্মিক মৃত্যু।

হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ শনিবাৰে নিশা মৃত্যু হয় দক্ষ আৰক্ষী বিষয়া গৰাকীয়ে।

Mosco-Saikia-OC-Mangaldoi-sudden-death-on-19-12-21-Pix-BY-UB-Photos

জানিব পৰা মতে, শনিবাৰে গধুলি মঙলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মস্কো শইকীয়া থানাৰ দায়িত্ব পালন কৰি থকা অৱস্থাতে ৮-৩০বজাত উচ্চ ৰক্তচাপ জনিত ৰোগত আক্ৰান্ত হৈ পৰে।

ততাতৈয়াকৈ শইকীয়াক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ভৰ্তি কৰা হয় যদিও হৃদক্ৰিয়া বন্ধ হৈ নিশাই শেষ নিশ্বাস ত্যাগ কৰে।

02

এজন মানৱ দৰদী আৰু দক্ষ আৰক্ষী বিষয়া হিচাপে অঞ্চলটোত পৰিচিত আছিল মস্কো শইকীয়া।

ইয়াৰ উপৰি তেওঁ অভিনয় ক্ষেত্ৰখনৰ সৈতেও জড়িত আছিল শইকীয়া।

আৰক্ষী বিষয়া গৰাকীৰ আকস্মিক মৃত্যুত কৰ্মক্ষেত্ৰ মঙলদৈত শোকৰ ছাঁ পৰিছে।

মঙলদৈৰ বিভিন্ন দল সংগন আৰু বিভিন্ন জন লোকে শইকীয়াৰ মৃত্যুত গভীৰ শোকৰ প্ৰকাশ কৰি আত্মাৰ চিৰশান্তি কামনা কৰিছে।

উল্লেখ্য যে নগাঁও জিলাৰ কলিয়াবৰৰ বাসিন্দা প্ৰয়াত মস্কাে শইকীয়াই মৃত্যুৰ সময়ত বৃদ্ধ মাতৃ, পত্নী, দুই সন্তানসহ বহু আত্মীয়ক ইহ সংসাৰত এৰি থৈ যায়।

কলিয়াবৰৰ বিধায়ক তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই বিষয়াগৰাকীৰ মৃত্যুত গভীৰ শােক প্ৰকাশ কৰিছে।

লগতে চাওকঃ

আবেগিক মুহূৰ্ত! বিবাহ অনুষ্ঠানত প্ৰয়াত মাতৃৰ ফটো বুকুত সাৱটি প্ৰৱেশ কইনাৰ

অসমৰ প্রথম আন্তঃৰাষ্ট্রীয় টেবুল টেনিছ তাৰকা ডঃ নন্দিনী বৰুৱা শৰ্মাৰ দেহাৱসান

Leave a Comment