অসম
থানাৰ ভিতৰতে আৰক্ষী বিষয়াৰ চৰম সিদ্ধান্ত! চাৰ্ভিছ পিষ্টলেৰে গুলীয়াই শেষ কৰিলে জীৱন…

আৰক্ষী থানাৰ ভিতৰতে আৰক্ষী বিষয়াৰ চৰম সিদ্ধান্ত।
তিনিচুকীয়াত থানাৰ ভিতৰতে আৰক্ষী বিষয়াই চাৰ্ভিছ পিষ্টলেৰে গুলীয়ালে শেষ কৰিলে জীৱন।
তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ যান-বাহন বিভাগৰ চহৰ পৰিদৰ্শক দীন সোনোৱাল সংঘটিত কৰিছে এই চাঞ্চল্যকৰ ঘটনা।

সদৰ আৰক্ষী থানাৰ যানবাহন আৰক্ষীৰ কোঠাতে নিজৰ ৰিভলভাৰে মূৰত গুলীয়াই আত্মহত্যা কৰে বিষয়াগৰাকীয়ে।
বিষয়াগৰাকীক অতি সংকটজনক অৱস্থাত তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও কিন্তু চিকিৎসালয়ত মৃত্যু হয় বিষয়া গৰাকী।
অৱশ্যে বিষয়াগৰাকীয়ে কিয় এই সিদ্ধান্ত বাচি ল’লে সেইয়া এতিয়াও জানিব পৰা হোৱা নাই।
লগতে চাওকঃ
শোকাবহ! পথাৰত বিষাক্ত সৰ্পৰ দংশনত মৃত্যু কৃষকৰ…
