থাওৰাৰ প্ৰাক্তন BJP বিধায়ক কুশল দুৱৰীক অসম নগৰ পানী যোগান আৰু পয়-প্ৰণালী পৰিষদৰ অধ্যক্ষ নিযুক্তি…

থাওৰা সমষ্টিৰ প্ৰাক্তন বিজেপি বিধায়ক কুশল দুৱৰীক অসম নগৰ পানী যোগান আৰু পয়-প্ৰণালী পৰিষদৰ অধ্যক্ষ হিচাপে নিযুক্তি।

উপ-নিৰ্বাচনৰ পূৰ্বে ৰাজ্য চৰকাৰে নিযুক্তি প্ৰদান কৰে প্ৰাক্তন বিজেপি বিধায়ক গৰাকীক।

উল্লেখ্য যে, বিগত অসম বিধানসভা নিৰ্বাচনত থাওৰা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী সুশান্ত বৰগোঁহায়ে বিজেপি প্ৰাৰ্থী কুশল দুৱৰীক পৰাস্ত কৰিছিল যদিও পৰৱৰ্তী সময়ত সুশান্ত বৰগোঁহায়ে বিজেপিত যোগদান কৰে।

বৰগোঁহায়ে বিজেপিত যোগদান কৰাৰ পাছতে উক্ত সমষ্টিটোত উপ-নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব।

থাওৰা সমষ্টিত উপ-নিৰ্বাচনৰ পূৰ্বে সমষ্টিটোৰ পুৰণি বিজেপি নেতা কুশল দুৱৰীক অসম নগৰ পানী যোগান আৰু পয়-প্ৰণালী পৰিষদৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ পাছত সুশান্ত বৰগোঁহায়ে সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে।

Leave a Comment