
নিউজ ডেস্ক। অসমত পুনৰ আটক হ’ল ৰােহিংগীয়া মুছলমান।
প্ৰতিবেশী ৰাজ্য ত্ৰিপুৰাৰ পৰা ৰে’লযােগে শিলচৰলৈ যাত্ৰা কৰাৰ পথত বদৰপুৰ ৰে’ল ষ্টেচনত আৰ পি এফৰ অভিযানত ৬ যুৱতী আৰু এজন পুৰুষ ৰােহিংগীয়া আটক হয়।

জানিব পৰা মতে, বদৰপুৰ ৰেলৱে ষ্টেচনত 15663 UP আগৰতলা-শিলচৰ এক্সপ্ৰেছৰ ৰেল নং 15663 ৰ পৰা ৰােহিংগীয়া কেইজনক আটক কৰা হয়।
ইয়াৰ পিছতে পৰৱৰ্তী বিভাগীয় নীতি-নিয়ম অনুসৰি আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৰে’ল আৰক্ষীয়ে।
উল্লেখ্য যে ৩ দিন পূৰ্বেও বদৰপুৰ ৰে’ল ষ্টেচনত জম্মু-কাশ্মীৰৰ পৰা অসমত প্ৰৱেশ কৰা ২ ৰােহিংগীয়াক আটক কৰিছিল ভাৰতীয় সেনাৰ চােৰাংচােৱা শাখাই।