ত্ৰিপুৰাৰ উপ-নিৰ্বাচনৰ ফলাফলঃ ৪খন আসনৰ ৩খনত বিজয়ধ্বজা উৰুৱালে বিজেপিয়ে…

ত্ৰিপুৰাৰ উপ-নিৰ্বাচনৰ ফলাফল ঘোষণা।

৪খন আসনৰ ভিতৰত বিজেপিয়ে দখল কৰিবলৈ সক্ষম হয় ৩ খন আসন।

আনহাতে এখন আসন লাভ কৰি সন্তুষ্ট হয় কংগ্ৰেছ দল।

আজি ঘোষণা কৰা ফলাফল অনুসৰি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাই প্ৰথমবাৰৰ বাবে নিৰ্বাচনত জয়ী হৈছে।

মানিক সাহাই বৰদোৱালী সমষ্টিৰ পৰা ১৭,১৮১ টা ভোট লাভ কৰিছিল। তেওঁৰ প্ৰতিদ্বন্দ্বী দুবাৰৰ কংগ্ৰেছ বিধায়ক আশিস সাহাই ১১,০৭৭ টা ভোট লাভ কৰে। এই সমষ্টিৰ পৰা তৃণমূলৰ হেভিৱেট প্ৰাৰ্থী সংহিতা ভট্টাচাৰ্যই মাত্ৰ ৯৮৬ টা ভোট লাভ কৰে। আনহাতে বাঁওপন্থী প্ৰাৰ্থীয়ে সেই আসনত লাভ কৰে ৩,৩৭৬ টা ভোট।

উল্লেখ্য যে, যোৱা মাহত বিপ্লব দেৱৰ পদত্যাগৰ পিছত বিজেপিয়ে ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে ৰাজ্যসভাৰ সাংসদ মাণিক সাহাৰ নাম ঘোষণা কৰিছিল। মুখ্যমন্ত্ৰীৰ চকীত থকাৰ বাবে তেওঁ এই উপ-নিৰ্বাচনত জয়ী হোৱাটো জৰুৰী আছিল।

আনহাতে, বিজেপি এৰি কংগ্ৰেছত যোগদান কৰা সুদীপ ৰয় বৰ্মনে আগৰতলা সমষ্টিত জয়লাভ কৰিবলৈ সক্ষম হয়।

বিপ্লব দেৱৰ মন্ত্ৰীসভাৰ প্ৰাক্তন মন্ত্ৰী সুদীপে ১৭,৪৩১ টা ভোট লাভ কৰে। তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী বিজেপিৰ অশোক সিঙে ১৫,২৬৮ টা ভোট লাভ কৰে। বাঁওপন্থী প্ৰাৰ্থী কৃষ্ণ মজুমদাৰে ৬,৮০৮ টা ভোট লাভ কৰাৰ বিপৰীতে তৃণমূলৰ প্ৰণৱ দেৱে ৮৪২ টা ভোট লাভ কৰে।

যুৱৰাজনগৰ কেন্দ্ৰতো জয়ী হয় বিজেপি। বিজেপি প্ৰাৰ্থী মলিনা দেবনাথে জয়লাভ কৰে।

আনহাতে সুৰমা সমষ্টিত বিজেপি প্ৰাৰ্থী স্বপ্ন দাসে বাঁওপন্থী আৰু নিৰ্দলীয়সকলক পৰাস্ত কৰি জয়ী হয়।