ত্ৰিপুৰাত জন্ম লাভ কৰা এটা বিৰল গো পোৱালিক লৈ তীব্ৰ কৌতূহল!

নিউজ ডেস্ক। দুটা মূৰ, দুটা নাক, চাৰিটা চকু, দুখন মুখ।

দক্ষিণ ত্ৰিপুৰাত জন্ম পোৱা এটা গৰু পোৱালিয়ে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে।

দুটা মূৰ লৈ জন্ম গ্ৰহণ কৰা গো পোৱালিটো চাবলৈ অঞ্চলটোলৈ সোঁত বৈছে অনেক লোকৰ।

01

উল্লেখ্য যে, পোৱালিটো পলিচেফালী নামৰ এক বিৰল ৰোগত ভুগি আছে। সাধাৰণতে এনে অস্বাভাৱিক ৰোগত আক্ৰান্ত হৈ জন্ম লাভ কৰা জীৱ-জন্তুৰ আয়ুস সাধাৰণতে কম হয়।

পলিচেফালি শব্দটো গ্ৰীক শব্দ পলিৰ পৰা আহৰণ কৰা হৈছে। যাৰ অৰ্থ হৈছে ‘বহুত’ আৰু কেফালে শব্দৰ অৰ্থ হৈছে ‘মূৰ’।

আনহাতে দুটা মূৰ থকা জন্তুবোৰক বাইচেফেলিক বা ডাইচেফালিক বুলিও কোৱা হয়। অৱশ্যে, যদি তিনিটা মূৰ থাকে, তেন্তে ট্ৰাইচেফালিক বুলি কোৱা হয়।

এই অৱস্থাটো সৃষ্টি হয় ভ্ৰূণৰ বিকাশ আৰু বিভাজনৰ সময়ত স্নায়ুতন্ত্ৰত হোৱা আনুবংশিক অস্বাভাৱিকতা বা ক্ষতিৰ ফলত।

02

ইয়াৰ পূৰ্বে, ২০২১ চনত অসমৰ বৰপেটা জিলাৰ পকা বেতবাৰী গাঁৱত দুটা মূৰ থকা এটা ছাগলী পোৱালিৰ জন্ম হৈছিল। ছাগলী পোৱালিটোৰ চাৰিটা চকু, দুটা নাক আৰু দুখন জিভা আছে।

আনফালে, পশ্চিম কাৰ্বি আংলং জিলাৰ এজন কৃষকৰ ঘৰতো দুটা মূৰ, দুটা নাক আৰু তিনিটা চকুৰে এটা গাহৰি পোৱালিৰ জন্ম হয়। দেখাত বিকৃত পোৱালিটো সোনকালেই সমগ্ৰ অঞ্চলটোৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে।

আনহাতে যদিও ভাৰতত এনে ঘটনা বিৰল, এনে পৰিস্থিতিৰে জন্ম লাভ কৰা জন্তুবোৰক কেতিয়াবা দেৱতাৰ অৱতাৰ হিচাপে গণ্য কৰা হয়।

যোৱা বছৰ উৰিষ্যাতো দুটা মূৰ আৰু তিনিটা চকু থকা এটা গো পোৱালিৰ জন্ম হৈছিল।

নৱৰাত্ৰিৰ সময়ত জন্ম হোৱাৰ বাবে গো পোৱালিটোক মা দূর্গাৰ অৱতাৰ হিচাপে বিশ্বাস কৰি গাঁওবাসীয়ে পূজা-অৰ্চনা কৰা পৰিলক্ষিত হৈছিল।

লগতে চাওকঃ

প্ৰেমিকক বিচাৰি অবৈধভাৱে কাঁইটীয়া তাঁৰ পাৰ হৈ ভাৰতত প্ৰৱেশ প্ৰেয়সীৰ, তাৰ পাছত…

G3

আচৰিত! ‘তিনিটা চকু’ থকা পোৱালী জন্ম দিলে এজনী গাই গৰুৱে…

photo-2022-01-17-13-23-36

Leave a Comment