
নিউজ ডেস্ক। কিছুদিন পূৰ্বে বাক্সা জিলাৰ দাওধাৰাত এখন মালবাহী ট্ৰাকৰ খুন্দাত স্কুটী আৰােহী এগৰাকী শিক্ষয়িত্ৰীসহ দুই কণমানি ছাত্ৰীৰ মৃত্যুৰ ঘটনাৰ পাছতে পুনৰ তেল পৰিবাহী টেংকাৰৰ চেপাত প্ৰাণ হেৰুৱালে স্কুটী আৰােহী আন এগৰাকী শিক্ষয়িত্ৰীয়ে।
এইবাৰ ঘটনাৰ স্থান কোকৰাঝাৰ জিলাৰ গোসাঁই গাঁও সদৰ চহৰৰ সংলগ্ন ৩১নং (চি) ৰাষ্ট্ৰীয় ঘাই পথ।
জানিব পৰা মতে, সােমবাৰে দিনৰ ১১.৪৫ মান বজাত ঘাইপথৰ এখন দলঙৰ সমীপত সংঘটিত হয় এই শােকাৱহ পথ দুর্ঘটনা।

দুর্ঘটনাত মৃত্যুমুখত পৰা শিক্ষয়িত্ৰীগৰাকী গোসাঁইগাঁও মহকুমাৰ জয়মাগুৰি গাঁৱৰ অৰুণ হাজোৱাৰীৰ পত্নী তথা অমৃতপুৰ ব্ৰহ্ম সেৱাশ্রম হাই স্কুলৰ বড়ো মাধ্যমৰ সহকাৰী শিক্ষয়িত্রী নিয়তি হাজোৱাৰী (৫৩) বুলি জানিব পৰা গৈছে।
শিক্ষয়িত্ৰীগৰাকী নিজৰ এএছ-১৬ডি-৪০৯১ নম্বৰৰ স্কুটীখন লৈ গোসাঁইগাঁও বজাৰৰ পৰা গৃহাভিমুখে গৈ থাকোতে ৰাষ্ট্ৰীয় পথত একেটা দিশেৰে কচুগাঁৱলৈ গৈ থকা ইউপি ৭০ ই টি ৪৩০৫ নম্বৰৰ তেলৰ টেংকাৰ এখনে স্কুটীসহ শিক্ষয়িত্রী গৰাকীক মহটিয়াই নিয়ে।

ফলত ঘটনাস্থলীতে শিক্ষয়িত্ৰীগৰাকীয়ে মৃত্যুক আঁকোৱালি লয়।
দুৰ্ঘটনাৰ খবৰ লাভ কৰি আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ টেংকাৰখন জব্দ কৰাৰ লগতে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰণ কৰে।
এই ঘটনাই স্থানীয় লােকক লগতে নিয়তি হাজােৱাৰী কৰ্মৰত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু শিক্ষাৰ্থীসকলৰ মাজত গভীৰ শােকৰ ছাঁ পেলাইছে।