
নিউজ ডেস্কঃ এইবাৰ অবৈধ বাৰ্মিজ চুপাৰী সৰবৰাহৰ বাবে অদ্ভূত কৌশল অৱলম্বন কৰিলে সৰবৰাহকাৰীয়ে।
তেলৰ টেংকাৰৰ ভিতৰত ভৰাই বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী সৰবৰাহৰ চেষ্টা সৰবৰাহকাৰীৰ।
বৃহস্পতিবাৰে নিশা কাছাৰ জিলাৰ ধলাইত আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত নাকা তালাচী স্থাপন কৰি জব্দ কৰে এখন তেলৰ টেংকাৰ।
আৰক্ষীয়ে তেলৰ টেংকাৰখনত তালাচী চলাওতেই জব্দ হয় প্ৰায় ২০০০ কিলোগ্ৰাম বাৰ্মিজ চুপাৰী।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, এএছ ২৮এচি ০২২৫ নম্বৰৰ টেংকাৰখনে মিজোৰামৰ পৰা আহি থকাৰ সময়তে আৰক্ষীয়ে এই বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ কৰিবলৈ সক্ষম হয়।
ঘটনা সন্দৰ্ভত এজন লোককো আটক কৰিছে আৰক্ষীয়ে।
অধিক তথ্যৰ বাবে অভিযুক্ত সৰবৰাহকাৰীক জেৰা অব্যাহত ৰাখিছে কাছাৰ আৰক্ষীয়ে।