অসম

তেজস্বীতাৰ পিছত এইবাৰ আদিত্য পায়েং! উপযুক্ত চিকিৎসাৰ অভাৱত পুনৰ মাজুলীত যুৱকৰ মৃত্যু হোৱাৰ অভিযোগ…

প্ৰতিভাৱান কণ্ঠশিল্পী তেজস্বীতা বৰুৱাৰ মৃত্যুৰ চাঞ্চল্য মাৰ নৌযাওতেই মাজুলীত পুনৰ চিকিৎসাৰ অভাৱত এজন যুৱকৰ মৃত্যু হোৱাৰ ঘটনা পোহৰলৈ আহিছে।

পুনৰ জিলাখনৰ গড়মূৰস্থিত পীতাম্বৰ দেৱ গোস্বামী অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে উঠিছে অভিযোগৰ আঙুলি।

মৃত যুৱকজন আদিত্য পায়েং বুলি জানিব পৰা গৈছে।

আই চি ইউ টেকনিচিয়ানৰ অভাৱৰ বাবেই আদিত্য পায়েঙে মৃত্যুক সাৱটি লোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে।

উল্লেখ্য যে, তেজস্বীতাৰ মৃত্যুৰ পিছতে স্বাস্থ্য বিভাগে মাজুলীলৈ তৎকালীন ভাৱে প্ৰেৰণ কৰিছিল ৩ খন ১০৮ এম্বুলেঞ্চ। কিন্তু অতি পৰিতাপৰ কথা আদিত্য পায়েং নামৰ এই যুৱকজনক চিকিৎসালয়ত ভৰ্তি কৰাবৰ বাবে বাৰে বাৰে ১০৮ সেৱালৈ ফোন কৰিও কোনো সহাৰি নাপালে বুলিও অভিযোগ উত্থাপন হৈছে।

বুকুৰ তীব্ৰ বিষত আক্ৰান্ত হোৱাৰ পিছতে পায়েঙক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল য’ত তেওঁৰ মৃত্যু হয়। ইয়াৰ পিছত পৰিয়ালটোৱে চিকিৎসালয় কৰ্তৃপক্ষৰ গাফিলতি আৰু চিকিৎসাৰ অভাৱৰ অভিযোগ উত্থাপন কৰে।

উল্লেখ্য যে, চিকিৎসালয় কৰ্তৃপক্ষৰ গাফিলতি আৰু চিকিৎসাৰ অভাৱৰ বাবেই যোৱা ৫ অক্টোবৰত মাজুলীৰ অতি প্ৰতিভাৱান কণ্ঠশিল্পী তেজস্বীতা বৰুৱাইও আকস্মিক মৃত্যুক সাৱটি ল’বলগীয়া হৈছিল।

ইয়াৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদৰ মাজতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে মাজুলীত উপস্থিত হৈ মাজুলীৰ স্বাস্থ্য সেৱাৰ উন্নতিৰ বাবে বহু কথাই ঘোষণা কৰিলে যদিও সেয়া সময়ত অসাৰ প্ৰতিপন্ন হ’ল।

Related Articles

Back to top button