তেজস্বিতা বৰুৱাৰ মৃত্যু! জিলা অতিৰিক্ত উপায়ুক্তৰ নেতৃত্বত আজিৰে পৰা আৰম্ভ তদন্ত…

মাজুলীৰ সংগীত জগতৰ উজ্বল প্ৰতিভা তেজস্বিতা বৰুৱাৰ অকাল মৃত্যুক লৈ শোকস্তব্ধ ৰাজ্যবাসী।
গীত, নৃত্যৰে লাখ লাখ জনতাক মোহছন্ন কৰা মাজুলী কমলাবাৰীৰ দৰিয়া গাঁৱৰ জনপ্ৰিয় শিশু শিল্পী তেজশ্বিতা বৰুৱাৰ (১৪) বুধবাৰে আকস্মিক মৃত্যু ঘটে।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱত সাংস্কৃতিক অনুষ্ঠানত বৰগীত পৰিৱেশন কৰিবলৈ গৈ হঠাৎ অসুস্থ হৈ নামঘৰতে ঢলি পৰা তেজস্বিতা বৰুৱাক গড়মূৰৰ জিলা চিকিৎসালয়লৈ নিয়ে যদিও অকাল মৃত্যুক সাৱতি ল’লে তেজস্বীতাই।
কিন্তু তেজস্বিতাৰ মৃত্যুৰ পাছতেই এটাৰ পিছত আন এটা অভিযোগ মাজুলীৰ স্বাস্থ্যখণ্ডলৈ।
ৰাইজৰ অভিযোগ চিকিৎসালয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই অকাল মৃত্যুক সাৱটি লৈছে মাজুলীৰ কমলাবাৰী দৰিয়া গাঁৱৰ উদীয়মান কণ্ঠশিল্পী তেজস্বিতাই।
ইয়াৰ পিছতেই তেজস্বিতা বৰুৱাৰ মৃত্যুৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰা হৈছে।
জিলা অতিৰিক্ত উপায়ুক্ত বিপুল দাসৰ নেতৃত্বত আজিৰে পৰা আৰম্ভ তদন্ত।