তেজস্বিতা বৰুৱাৰ মৃত্যু! স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক মাজুলীলৈ যোৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ…

মাজুলীৰ তেজস্বিতা বৰুৱাৰ মৃত্যু ঘটনাই জোকাৰিছে সমগ্ৰ ৰাজ্য।

গীত, নৃত্যৰে লাখ লাখ জনতাক মোহছন্ন কৰা মাজুলী কমলাবাৰীৰ দৰিয়া গাঁৱৰ জনপ্ৰিয় শিশু শিল্পী তেজশ্বিতা বৰুৱাৰ (১৪) বুধবাৰে আকস্মিক মৃত্যু ঘটে।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱত সাংস্কৃতিক অনুষ্ঠানত বৰগীত পৰিৱেশন কৰিবলৈ গৈ হঠাৎ অসুস্থ হৈ নামঘৰতে ঢলি পৰা তেজস্বিতা বৰুৱাক গড়মূৰৰ জিলা চিকিৎসালয়লৈ নিয়ে যদিও অকাল মৃত্যুক সাৱতি ল’লে তেজস্বীতাই।

তেজস্বিতাৰ মৃত্যুৰ পাছতেই এটাৰ পিছত আন এটা অভিযোগ মাজুলীৰ স্বাস্থ্যখণ্ডলৈ ৷

ৰাইজৰ অভিযোগ চিকিৎসালয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই অকাল মৃত্যুক সাৱটি লৈছে মাজুলীৰ কমলাবাৰী দৰিয়া গাঁৱৰ উদীয়মান কণ্ঠশিল্পী তেজস্বিতাই।

এই অভিযোগৰ পিছতেই ইতিমধ্যে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰা হৈছে।

জিলা অতিৰিক্ত উপায়ুক্ত বিপুল দাসৰ নেতৃত্বত আজিৰে পৰা আৰম্ভ তদন্ত।

ইপিনে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তক শীঘ্ৰেই মাজুলীলৈ যোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মাজুলীত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত কৰিব স্বাস্থ্যমন্ত্ৰীয়ে।

পিছে প্ৰশ্ন হৈছে ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ পাছতহে কিয় এনেদৰে সজাগ হয় বিভাগসমূহ?

মাজুলীৰ স্বাস্থ্যখণ্ড সন্দৰ্ভত কিমান জ্ঞাত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত?