অসম
তেজস্বিতাৰ চিকিৎসাত কোনোধৰণৰ গাফিলতি হোৱা নাই, কিশোৰীজনীক লৈ ৰাজনীতি হ’ব নালাগেঃ বিধায়ক দিগন্ত কলিতা

মাজুলীৰ কন্যা তেজস্বিতাক হেৰুৱাই আজি ম্ৰিয়মান সমগ্ৰ ৰাজ্যবাসী। কান্দি কান্দি তৎ নাই পিতৃ-মাতৃৰো।
গুৰুজনাৰ জন্মোৎসৱৰ দিনাখনেই নামঘৰত বৰগীত পৰিৱেশনৰ সময়তে হঠাৎ ঢলি মৃত্যুক সাৱটিছিল প্ৰতিভাৱান গায়িকা তেজস্বিতা বৰুৱাই।
ভুল চিকিৎসাৰ বাবেই গড়মূৰৰ পীতাম্বৰ দেৱ গোস্বামী অসামৰিক হাস্পতালত তেজস্বিতাৰ মৃত্যু ঘটাৰ অভিযোগ উত্থাপন কৰিছে পিতৃ-মাতৃয়ে।
এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক দিগন্ত কলিতাই।
তেওঁ কয়- তেজস্বিতাৰ চিকিৎসাত কোনোধৰণৰ গাফিলতি হোৱা নাই, ডাক্তৰে কেতিয়াও ইচ্ছা কৰি ৰোগীক মৃত্যুৰ মুখলৈ ঠেলি নিদিয়ে। মই জনাত ছোৱালীজনীৰ এপিলেপচিও আছিল।
তেওঁ লগতে কয় যে, হাস্পতালখনত থকা আটাইকেইজন ডাক্তৰেই PG ডাক্তৰ, যিমানখিনি চিকিৎসা কৰিবলগীয়া হৈছিল সকলো কৰা হৈছে।
লগতে দুৰ্ভগীয়া পৰিয়ালটোলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে বিধায়কগৰাকীয়ে।