অসম
তেজপুৰ বিশ্ববিদ্যালয়ত অঘটন! চিভিল ইঞ্জিনীয়াৰিঙৰ ছাত্ৰই ল’লে চৰম সিদ্ধান্ত…

তেজপুৰ বিশ্ববিদ্যালয়ত অঘটন।
এগৰাকী চিভিল ইঞ্জিনীয়াৰিঙৰ ছাত্ৰই ল’লে জীৱনৰ চৰম সিদ্ধান্ত।
বিশ্ববিদ্যালয় চৌহদৰ ভিতৰতে আত্মহত্যা ছাত্ৰজনৰ।
মৃত ছাত্ৰজন ডিব্ৰুগড়ৰ আদিত্য তাঁতী।
পাটকাই মেনছ হোষ্টেলতৰ ২২৪নং কোঠাত আছিল মৃত আদিত্য।
চিভিল ইঞ্জিনিয়াৰিঙৰ ৭ম ষান্মাষিকত অধ্যয়নৰত আছিল আদিত্য।
ছাত্ৰজনৰ আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে।