তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত বদমাচি কৰিলে যাব লাগিব জে’ললৈঃ সকীয়াই দিলে ডিজিপি ভাস্কৰজ্যোতি মহন্তই

নিউজ ডেস্কঃ কাইলৈ অৰ্থাৎ দেওবাৰে অনুষ্ঠিত হ’ব ৰাজ্য চৰকাৰৰ তৃতীয় বৰ্গৰ পদৰ নিযুক্তি পৰীক্ষা। ইতিমধ্যে এই পৰীক্ষা নিয়াৰিকৈ আৰু আঁসোৱাহহীন ভাৱে অনুষ্ঠিত হৈছে ৰাজ্য চৰকাৰ।

পৰীক্ষাৰ সময়ত যাতে কোনো ধৰণে প্ৰশ্নকাকত ফাদিল নহয়, তাৰ বাবে পৰীক্ষা অনুষ্ঠিত হ’বলগীয়া জিলা সমূহত কৰ্তন কৰা হব ইন্টাৰনেট সেৱা। পৰীক্ষা কেন্দ্ৰত তন্ন তন্নকৈ পৰীক্ষা কৰা হ’ব পৰীক্ষাৰ্থীক।

ৰাজ্য চৰকাৰৰ নিৰ্দেশত ইতিমধ্যে জিলা প্ৰশাসনে সাজু কৰি তুলিছে পৰীক্ষা কেন্দ্ৰ সমূহ। কোনো ধৰণৰ বিসংগতি নোহোৱাকৈ এই পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সংকল্পবদ্ধ ৰাজ্য চৰকাৰ।

ইফালে তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত কোনোবাই বদমাচি কৰিলে পিঠি ফালি দিয়া হ’ব বুলি সতৰ্ক কৰি দিছে আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তইও। শনিবাৰে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি পৰীক্ষাৰ সময়ত বিংসগতিৰ সৃষ্টি কৰিব বিচৰা সকলক কোনো কাৰণতে ৰেহাই দিয়া নহ’ব বুলি সকীয়নী দিয়ে ডিজিপি মহন্তই।

তেওঁ কয় যে, পৰীক্ষাত কোনোবাই বদমাচি কৰিলে জে’ললৈ যাব লাগিব। আনহাতে পৰীক্ষা কেন্দ্ৰলৈ প্ৰতিবন্ধকতা আৰোপ কৰা কোনো ধৰণৰ সামগ্ৰী লগত নানিবলৈও পৰীক্ষাৰ্থী সকলক আহ্বান জনায় ভাস্কৰ জ্যোতি মহন্তই।

তেওঁ কয় যে এদিনৰ বাবে পৰীক্ষাৰ্থীয়ে লগত মোবাইলটো নানিলেও একো অসুবিধা নহয়। এই পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰিবলৈ প্ৰশাসন সংকল্পবদ্ধ। যিয়ে বদমাচি কৰে, তাক ৰেহাই দিয়া নহ’ব আৰু জে’ললৈ যাব লাগিব।