তুৰস্কত মৃত্যুৰ কিৰিলি! প্ৰবল ভূমিকম্পত এতিয়ালৈকে মৃত্যু ১২০০ৰো অধিক লোকৰ…

নিউজ ডেস্কঃ মৃত্যুৱে যেন কিৰিলি পাৰিছে তুৰস্ক আৰু ছিৰিয়াত।

সোমবাৰে পুৱা সংঘটিত এক ভয়ংকৰ ভূমিকম্পই মুহূৰ্ততে ধ্বংসস্তূপলৈ পৰিণত কৰে তুৰস্কৰ এটা বিশাল অঞ্চল।

আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ বিভাগে প্ৰকাশ কৰা অনুসৰি, প্ৰায় ২০ লাখ লোক বাস কৰা তুৰ্কীৰ গাজিয়ানেপ চহৰৰ সমীপত প্ৰায় ১৭.৯ কিলোমিটাৰ (১১ মাইল) গভীৰতাত পুৱা ০৪:১৭ বজাত সংঘটিত হয় এই ভূমিকম্প।

image 33
তুৰস্কত মৃত্যুৰ কিৰিলি! প্ৰবল ভূমিকম্পত এতিয়ালৈকে মৃত্যু ১২০০ৰো অধিক লোকৰ… 5

৭.৭ প্ৰাবল্যৰ এশ বছৰীয়া ইতিহাসৰ আটাইতকৈ ভয়ংকৰ এই ভূমিকম্পত ইতিমধ্যে তুৰস্কত কমেও ৯১২ জন লোকৰ মৃত্যু ঘটা বুলি চৰকাৰে প্ৰকাশ কৰিছে।

একেদৰে ছিৰিয়াতো অনুভূত হোৱা এই কম্পনত ৰাষ্ট্ৰখনত কমেও ৩২৬ জন লোক নিহত হোৱা বুলি বাতৰি প্ৰকাশ পাইছে।

image 34
তুৰস্কত মৃত্যুৰ কিৰিলি! প্ৰবল ভূমিকম্পত এতিয়ালৈকে মৃত্যু ১২০০ৰো অধিক লোকৰ… 6

অন্যহাতে এই ভূমিকম্পৰ ফলত ধ্বংসস্তূপৰ মাজত আৱদ্ধ হৈ আছে আন বহু লোক।

তীব্ৰ গতিত প্ৰভাৱিত এলেকাসমূহত চলাই থকা হৈছে উদ্ধাৰ অভিযান। ৱাশ্বিংটন, ইউৰোপীয় সংঘ আৰু ৰাছিয়াই দুৰ্দশাগ্ৰস্ত দেশ খনলৈ সহায়ৰ প্ৰস্তাৱ ইতিমধ্যে প্ৰেৰণ কৰে।

ইফালে প্ৰথম ভূমিকম্পত হোৱা ক্ষয়-ক্ষতিৰ মাজত উদ্ধাৰ অভিযান চলি থকাৰ সময়তে দিনৰ প্ৰায় ১.১৪ বজাত সংঘটিত হয় আন এটা প্ৰবল ভূমিকম্প।

image 35
তুৰস্কত মৃত্যুৰ কিৰিলি! প্ৰবল ভূমিকম্পত এতিয়ালৈকে মৃত্যু ১২০০ৰো অধিক লোকৰ… 7

অৱশ্যে দ্বিতীয়টো ভূমিকম্পটোত সাম্ভাব্য ক্ষয়-ক্ষতিৰ বিষয়ে এতিয়াও জানিব পৰা হোনা নাই।

উল্লেখ্য যে, ১৯৯৯ চনত তুৰ্কীৰ ডুজচে অঞ্চলত ৭.৪ ৰিখটাৰ স্কেলৰ ভূমিকম্প অনুভূত হৈছিল, য’ত ১৭,০০০ৰো অধিক লোকৰ মৃত্যু হৈছিল।

বিশেষজ্ঞসকলে দীৰ্ঘদিন ধৰি সকীয়াই দি আহিছে যে বৃহৎ ভূমিকম্পই ৰিকেটি ঘৰেৰে ভৰি থকা ১ কোটি ৬০ লাখ লোকৰ মেগাল’পলিছ ইস্তানবুল ধ্বংস কৰিব পাৰে।

১৯৩৯ চনত তুৰস্কৰ শেষৰটো ৭.৮ প্ৰাবল্যৰ কম্পনে কঁপাইছিল, য’ত পূব এৰজিনকান প্ৰদেশত ৩৩ হাজাৰ লোকৰ মৃত্যু হৈছিল