
নিউজ ডেস্কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, তুমি ৰিয়েল মামা নে কংস মামা? – কেমেৰাৰ সন্মুখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই প্ৰশ্ন তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাৰ।
ৰাজ্যৰ ৩৪ খন চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰোধিতা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰে টিএমচিৰ নেতাগৰাকীয়ে।
হিমন্ত বিশ্ব শৰ্মাক কংস মামা বুলি অভিহিত কৰি ৰিপুণ বৰাৰ প্ৰশ্ন- ‘তুমি ৰিয়েল মামা নহয় নেকি? পীযুষ আৰু জয়ন্তমল্লৰ ল’ৰা-ছোৱালী কেইটাহে তোমাৰ ভাগিন নেকি? গাঁৱৰ দুখীয়া ল’ৰা-ছোৱালীবোৰ তোমাৰ ভাগিন নহয় নেকি? তুমি যে তেওঁলোকৰ স্কুলবোৰ বন্ধ কৰিবলৈ ওলাইছা?’
উল্লেখ্য যে, বিধানসভা নিৰ্বাচনৰ পূৰ্বে মামা সম্বোধনেৰে জনপ্ৰিয় হৈ পৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মামা-ভাগিনৰ সম্পৰ্কৰে অসমৰ যুৱ আৰু শিশুৰ সৈতে একাত্মতা গঢ়ি তোলাত সফল হোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পূৰ্বেও বিৰোধীয়ে ‘কংস মামা’ বুলি অভিহিত কৰি আহিছে।