fbpx
অসমঅসমীয়া

তুঁহৰ বস্তাৰ তলত বহিঃৰাজ্যলৈ চালান বাৰ্মিজ চেগুন, ট্ৰাক জব্দ- ২ জনক গ্ৰেপ্তাৰ

নিউজ ডেস্ক। অসমৰ পৰা বহিঃৰাজ্যলৈ অব্যাহত আছে বনজ সম্পদৰ চােৰাং সৰবৰাহ।

কিছুদিন পূৰ্বে পশ্চিম বংগৰ বন বিভাগে অসমৰ পৰা বহিঃৰাজ্যলৈ নিয়াৰ পথত ২ খনকৈ বাৰ্মিজ চেগুন কাঠ আৰু ফাৰ্নিচাৰৰ ট্ৰাক জব্দ কৰাৰ পিছত এইবাৰ অসম আৰক্ষীৰ অভিযানত জব্দ হ’ল প্ৰায় ৪੦ লাখ টকাৰ মূল্যৰ বাৰ্মিজ চেগুন।

জানিব পৰা মতে, কােকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰ আৰক্ষীয়ে বুধবাৰে পুৱা বাৰ্মিজ চেগুন কাঠৰ বৃহৎ পৰিমাণৰ ফাণ্টাভর্তি ১২চকীয়া ট্রাক এখন জব্দ কৰে।

আৰক্ষীয়ে ৩১নং (গ) ৰাষ্ট্ৰীয় পথৰ দাঁতিত থকা মা কামাখ্যা ধাবাৰ পৰা এখন ট্রাক জব্দ কৰি তালাচী চলোৱাত তাত চোৰাং কাঠ থকাটো নিশ্চিত হয়।

G7 5

এইচআৰ-৭৩ এ-৬৭৬৯ নম্বৰৰ ১২চকীয়া ট্রাকখনে অতি কৌশলেৰে চোৰাংকৈ সৰবৰাহ কৰিছিল চেগুনৰ ফাণ্টা।

উক্ত জব্দকৃত কাঠখিনিৰ বজাৰমূল্য প্রায় ৪০ লাখ টকা বুলি অনুমান কৰা হৈছে।

চোৰাং কাঠ সৰবৰাহকাৰী চক্ৰই আৰক্ষীৰ চকুত ধূলি দিয়াৰ উদ্দেশ্যে ট্রাকখনত চোৰাং কাঠখিনি বোজাই কৰি তাৰ ওপৰত তুঁহৰ বস্তা দি বহিঃৰাজ্যলৈ পঠিওৱাৰ সময়তে এনেদৰে আৰক্ষীৰ জালত পৰে।

আটকাধীন ট্রাক চালকে আৰক্ষীক দিয়া স্বীকাৰোক্তি মতে, ট্রাকখন গুৱাহাটীৰ পৰা কলিকতালৈ গৈ আছিল যদিও উক্ত কাঠখিনি বৰপেটাত বোজাই কৰিছিল।

ট্রাকখনৰ চালক আৰু সহঃ চালক হাৰিয়ানাৰ মুছতাক আৰু জাহিদ খানক আটক কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!