তীব্ৰ বিতৰ্কৰ পিছত গো সুৰক্ষা আইনত সংশোধনী অনাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ…

তীব্ৰ বিতৰ্ক অব্যাহত থকাৰ মাজতে এইবাৰ গো সুৰক্ষা আইনত সংশোধনী অনাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ।

শুক্ৰবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেটত এই সিদ্ধান্ত লোৱা বুলি বৈঠকৰ অন্তত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সংবাদমেলযোগে সদৰি কৰে।

উল্লেখ্য যে ২০ নৱেম্বৰত গো সুৰক্ষা আইন ২০২১ জাৰি কৰাৰ হৈছিল যদিও এমাহৰ পিছত এই আইনখনত কেতবোৰ গুৰুত্বপূৰ্ণ সংশোধন কৰা হৈছে।

নতুন সংশোধনী অনুসৰি এতিয়াৰে পৰা গো পালকসকলে এখন জিলাৰ পৰা আন এখন জিলালৈ গৰু সৰবৰাহ কৰিব পাৰিব।

অৱশ্যে আন্তঃৰাষ্ট্ৰীয় সীমাত লাগি থকা জিলাসমূহত গৰু সৰবৰাহত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা থাকিব।

আনহাতে আৰক্ষীয়ে ধৰা চোৰাং গৰুসমূহ নিবিদাৰ জৰিয়তে বিক্ৰী কৰা হ’ব বুলিও জানিব পৰা গৈছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে এখন জিলাৰ পৰা আন এখন জিলালৈ গৰু সৰবৰাহত সম্পূৰ্ণৰূপে নিষিদ্ধ আছিল আৰু ইয়াক লৈ ৰাজ্যৰ সকলো প্ৰান্তৰে গো পালকসকলে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছিল।

Leave a Comment