নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনা।
তীব্ৰবেগী স্ক’ৰ্পিঅ’ বাহনৰ খুন্দাত প্ৰাণ গ’ল বাইক আৰোহীৰ।
এই দুৰ্ঘটনাৰ স্থান নগাঁও জিলাৰ কঠীয়াতলী।

জানিব পৰা মতে, ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত ডবকা অভিমুখে আহি থকা এ এছ ০২ এ এফ ৯৬৮৮ নম্বৰৰ স্ক’ৰপিঅ’ এখনে ঘাইপথ পাৰ হ’বলৈ ৰৈ থকা এ এছ ০২-০৫৮৬ নম্বৰৰ গ্লেমাৰ বাইক এখনক মহটিয়াই নিয়াত বাইক আৰোহী নবীনচন্দ্ৰ নাথ (৩৮)ৰ ঘটনাস্থলীতে মৃত্যু হয়।

স্ক’ৰপিঅ’খনৰ গতিবেগ ইমানেই তীব্ৰ আছিল যে গ্লেমাৰ বাইকখন একপ্ৰকাৰ ধংসস্তুপলৈ পৰিণত হয়।
লগতে চাওকঃ
চিকিৎসাধীন আত্মীয়ৰ খবৰ ল’বলৈ গৈ শােকাৱহ পথ দুৰ্ঘটনাত মৃত্যু অধ্যাপক কন্দৰ্প কলিতাৰ