অসমঅসমীয়া

তীব্ৰবেগী ট্ৰেক্টৰে মহটিয়াই নিলে বাইক আৰােহী আৰক্ষী জোৱানক, থিতাতে মৃত্যু

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা।

তীব্ৰবেগী ট্ৰেক্টৰে মহটিয়াই নিলে বাইক আৰােহী আৰক্ষী জােৱানক।

থিতাতে মৃত্যু অসম আৰক্ষীৰ গৃহৰক্ষী জােৱানজনৰ।

এই শােকাৱহ দুৰ্ঘটনাৰ স্থান বাগছা জিলাৰ শালবাৰীৰ আনন্দ বজাৰ-গোৱৰ্ধনা সংযোগী পথৰ খুম্ৰাবাৰী।

নিহত জোৱানজনৰ নাম হিমাংশু হীৰা বুলি জানিব পৰা গৈছে। ঘৰ বাগছাৰ চৰ্ণা গাঁৱত।

P4

জানিব পৰা মতে, হিমাংশু হীৰা নামৰ জােৱানজন গোৱৰ্ধনা থানাত কৰ্মৰত।

থানাখনৰ পৰা জিলা সদৰ মুছলপুৰলৈ গৈ ডাক জমা দি ওভতাৰ পথত এএছ ১৫ এছ ৯৫১৪ নম্বৰৰ বাইকখনেৰে গোৱৰ্ধনা অভিমুখে গৈ থকাৰ অৱস্থাত খুশ্রাবাৰীত সন্মুখৰ পৰা অহা এখন ট্রেক্টৰে মহতিয়াই নিয়ে বাইকসহ গৃহৰক্ষী জোৱানজনক।

P3

এই সংঘৰ্ষ ইমানেই ভয়াৱহ আছিল যে ঘটনাস্থলীতে মৃত্যুক সাবটি লয় গৃহৰক্ষী জোৱানজনে।

ইফালে, ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ট্ৰেক্টৰখনৰ চালকজনে।

গৃহৰক্ষী জোৱান হিমাংশুৰ অকাল বিয়োগত চর্ণা অঞ্চলত শোকৰ ছাঁ পৰিছে।

মৃত্যুৰ সময়ত তেওঁ পত্নীসহ কণমানি কন্যা সন্তানক ইহসংসাৰত এৰি থৈ যায়।

লগতে চাওকঃ

স্কুটী আৰােহী দম্পতীক মহটিয়াই নিলে কয়লা পৰিবাহী ট্ৰাকে, মহিলাৰ মৃত্যু

G6

শােকাৱহ! পথ দুৰ্ঘটনাত মৃত্যু চিকিৎসক ডাঃ সৌৰভৰ, বিধ্বস্ত বাহন

G8

Related Articles

Leave a Reply

Back to top button