অসমীয়াঅসম

তাৰকা ফুটবলাৰ মেছিৰ পিতৃ হ’ব পাৰে সাংসদ আব্দুল খালেক! কিয় এইদৰে ক’লে বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে…

নিউজ ডেস্কঃ আৰ্জেন্টিনাৰ বিশ্বজয়ী ফুটবলাৰ মেছিৰ পিতৃ হ’ব পাৰে অসমৰ কংগ্ৰেছ সাংসদ আব্দুল খালেক!

মেছিৰ অসমৰ সৈতে সম্পৰ্কৰ কথা টুইটযোগে দাবী কৰি দেশজুৰি তীব্ৰ চৰ্চিত হোৱা আব্দুল খালেকক এইদৰেই কটাক্ষ কৰিলে বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।

উল্লেখ্য যে, ফিফা বিশ্বকাপত পুনৰ এবাৰ বিজয়ৰ অভিলেখ ৰচনা কৰিবলৈ সক্ষম হয় আৰ্জেন্টিনাই।

খেলখনত আৰ্জেন্টিনাৰ তাৰকা খেলুৱৈ লিঅ’নেল মেছিয়ে পুনৰ এবাৰ আকৰ্ষণ কৰে ফুটবলপ্ৰেমীৰ দৃষ্টি।

মেছিৰ অনন্য প্ৰদৰ্শনৰ পিছত সমগ্ৰ বিশ্বই ফুটবলাৰগৰাকীক প্ৰশংসাৰে উপচাই পেলাইছে।

অসমতো মেছিক লৈ আৰম্ভ হয় চৰ্চাৰ, অনেকে সামাজিক মাধ্যমযোগে অভিনন্দন জনায় আৰ্জেন্টিনাৰ খেলুৱৈগৰাকীক।

সেই সময়তে অসমৰ সাংসদ আব্দুল খালেকে টুইটাৰত মেছিক অভিনন্দন জনাই অসমৰ সৈতে তেওঁৰ সম্পৰ্কক লৈ গৌৰৱাম্বিত বুলি মন্তব্য কৰে।

সাংসদগৰাকীৰ মতে, মেছিৰ জন্ম হৈছিল অসমত।

অৱশ্যে এই টুইটটোক দেশজুৰি বিতৰ্কৰ সূত্ৰপাত ঘটাত পিছত টুইটটো ডিলিট কৰে আব্দুল খালেকে।

অন্যহাতে বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীক এই বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় মেছিৰ জন্ম আৰ্জেণ্টিনাত বুলি সকলোৱে জানে। কিন্তু আব্দুল খালেক যদি মেছিৰ দেউতাক সেয়াহে হ’ব পাৰে।

কেৱল ৰাজনৈতিক স্বাৰ্থত আব্দুল খালেকে এনে বিতৰ্কিত মন্তব্য কৰা বুলিও দাবী কৰে ৰূপজ্যোতি কুৰ্মীয়ে।

Related Articles

Back to top button