fbpx
অসমঅসমীয়া

তামোল-পাণ, গামোছা লৈ বিৰোধীৰ ঘৰলৈ আশীৰ্বাদ বিচাৰি যাব বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে

নিউজ ডেস্ক। সমাগত ৰাজ্যসভা নিৰ্বাচনক লৈ উত্তাল ৰাজ্যৰ ৰাজনীতি।

আজি মনোয়ন পত্ৰ দাখিলৰ অন্তিম দিনটোত এফালে যদি কংগ্ৰেছৰ উমৈহতীয়া প্ৰাৰ্থী ৰিপুণ বৰাই ৪৩ গৰাকী বিৰোধী বিধায়কক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰিলে, আনফালে মুখ্যমন্ত্ৰীয়ে সংগ দিলে পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰণগৌড়া নাৰ্জাৰীৰ মনোনয়ন দাখিলৰ সময়ত।

p3 11
UB PHOTOS

দেওবাৰে ৰহা সমষ্টিৰ কংগ্ৰেছৰ নিলম্বিত বিধায়ক শশীকান্ত দাসৰ ঘৰত মুখ্যমন্ত্ৰীৰ উপস্থিতিৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পিছত আজি বিধানসভা সভাত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ তুলি বিৰোধীয়ে উত্তাল কৰে সদন।

বিধানসভাৰ বাহিৰতো কংগ্ৰেছ, এআইইউডিএফৰ বিধায়কৰ লগতে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰকাশ কৰে বিষোদগাৰ।

p1 18
UB PHOTOS

ইয়াৰ মাজতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ মনোনয়ন দাখিলৰ পিছত সংবাদ মাধ্যমৰ মুখামুখি হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। যদি কাৰো ঘৰলৈ মুখ্যমন্ত্ৰী যাবই নোৱাৰে তেন্তে এয়া কিহৰ গণতন্ত্ৰ বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছৰ ৰিপুণ বৰাৰ সৈতে তেওঁৰ প্ৰতি ১০ দিনৰ মূৰে মূৰে ফোনত কথা হয়।

ৰিপুণ বৰাই তেওঁক তেওঁক কালি, পৰহি আৰু তাৰ আগদিনাই ফোন কৰা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিচাপে তেওঁলৈ কংগ্ৰেছ, এআইইউডিএফৰ বিধায়ক অথবা অখিল গগৈয়েও ফোন কৰে বুলি কয় হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এয়াতো ৰাজ্যসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়। ক’তো লিখা নাই যে প্ৰচাৰ চলাবলৈ বিৰোধী বিধায়কৰ ঘৰলৈ যাব নোৱাৰে।

বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে প্ৰতিগৰাকী বিৰোধী বিধায়কৰ ঘৰলৈ গৈ তামোল-পাণ, গামোছা লৈ আশীৰ্বাদ বিচাৰিবলৈ যাব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!