
নিউজ ডেস্কঃ সৰ্বত্ৰে মুক্তিৰ দাবী বৰ্ষাশ্ৰীৰ। বিগত প্ৰায় দুমাহ ধৰি কাৰাগাৰৰ বন্ধ কুঠৰীত সময় গণি গণি অনিশ্চিত ভৱিষ্যতৰ ছাঁয়াময় বাটেৰে ধাৱমান হোৱা এগৰাকী মেধাৱী ছাত্ৰীৰ মুক্তিৰ দাবীৰে সৰৱ হৈ পৰিছে বিভিন্ন দল-সংগঠন আৰু সামাজিক মাধ্যম।
বন্দীত্বৰ কাৰণ যিয়েই নহওক, কিন্তু এগৰাকী ১৯ বৰ্ষীয় যুৱতীক ‘ৰাষ্ট্ৰদ্ৰোহী’ সজাই কাৰাগাৰত আৱদ্ধ কৰি ৰখা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে সকলোৱে। কোৱা হয়- আইন সকলোৰে বাবে সমান। কিন্তু যদি সেয়াই হয়, তেন্তে খেনোক দেখি ৰান্ধে বাঢ়ে, খেনোক দেখি দুৱাৰ মাৰে নীতি কিয় অৱলম্বন কৰিছে চৰকাৰ কিম্বা প্ৰশাসনে?

সেই প্ৰশ্নই পুনৰ উত্থাপন কৰিছে ৰাইজৰ দলৰ মুখপাত্ৰ জ্ঞানশ্ৰী বৰুৱাইও। বৰ্ষাশ্ৰীৰ মুক্তিৰ দাবী সজোৰে উত্থাপন কৰি চৰকাৰ আৰু প্ৰশাসনক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰে জ্ঞানশ্ৰী বৰুৱাই।
বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙে বৰ্ষাশ্ৰীৰ গ্ৰেপ্তাৰ সন্দৰ্ভত এটা টুইট কৰিছিল বৃহস্পতিবাৰে। টুইটত তেওঁ উল্লেখ কৰা মতে, ছাত্ৰীগৰাকীৰ ‘আকৌ কৰিম ৰাষ্ট্ৰদ্ৰোহ’ শীৰ্ষক এটা ফেচবুক পোষ্টৰ ভিত্তিতেই তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।
ইয়াৰ পিছতে ৰাইজৰ দলৰ মুখপাত্ৰ জ্ঞানশ্ৰী বৰুৱাই প্ৰশ্ন- যদি ‘কৰিম ৰাষ্ট্ৰদ্ৰোহ’ শব্দৰ আধাৰতেই বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰা হৈছে, তেন্তে ‘আকৌ’ শব্দটোকো সমানেই গুৰুত্ব দিব লাগিব। কিন্তু এনে কি ৰাষ্ট্ৰদোহৰ ইতিহাস আছে যে বৰ্ষাশ্ৰীয়ে আকৌ কৰিম ৰাষ্ট্ৰদোহ বুলি কোৱাৰ লগে লগে আৰক্ষী আৰু চৰকাৰে ভয় খাইছে?’

জ্ঞানশ্ৰী বৰুৱাই পুনৰ কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এসময়ত আলফাৰ সৈতে জড়িত আছিল বুলি অভিযোগ আছে। তেওঁৰ বিৰুদ্ধে ধনদাবীৰো অভিযোগ আছে। গতিকে হিমন্ত বিশ্ব শৰ্মাই যদি আকৌ কৰিম ৰাষ্ট্ৰদ্ৰোহ বুলি ক’লেহেঁতেন তেন্তে আৰক্ষী-প্ৰশাসনে ভয় খাবলগীয়া হ’লহেঁতেন।
সেইদৰে হাগ্ৰামা মহিলাৰী বা পূৰ্বে আলফাৰ সৈতে জড়িত নেতা, মন্ত্ৰী-বিধায়কে আকৌ ৰাষ্ট্ৰদ্ৰোহ কৰিম বুলি কোৱাহ’লে সেয়া ভয়ৰ কাৰণ হ’লেহেঁতেন। কিন্তু বৰ্ষাশ্ৰী নামৰ যুৱতীগৰাকী পূৰ্বে আলফাৰ সৈতে না জড়িত আছিল না পূৰ্বে কোনো ৰাষ্ট্ৰদ্ৰোহ কৰিছিল। কিন্তু তাৰ পিছতো আকৌ কৰিম ৰাষ্ট্ৰদ্ৰোহ বুলি মাত্ৰ দুষাৰি কথা ফেচবুকত লিখিলেই ইয়াত কি ভয় খাবলগীয়া কথা হ’ল বুলিও প্ৰশ্ন কৰে ৰাইজৰ দলৰ মুখপাত্ৰ জ্ঞানশ্ৰী বৰুৱাই।
ডিজিপি ভাস্কৰজ্যেোতি মহন্ত আৰু বিশেষ ডিজিপি জিপি সিঙে বৰ্ষাশ্ৰীৰ গ্ৰেপ্তাৰক লৈ কৰা দুটা ভিন্ন মন্তব্যক লৈও প্ৰতিক্ৰিয়া ব্যক্ত কৰে জ্ঞানশ্ৰী বৰুৱাই।
তেওঁ কয় যে পূৰ্বে কণ্ঠশিল্পী জুবিন গাৰ্গেও কা বলবৎ হ’লে আলফালৈ যাম বুলি কৈছিল, কিন্তু তেতিয়া সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি অহা বুলি ভৱা হোৱা নাছিল। সংবিধান হাতত লৈ শপত লোৱা মন্ত্ৰী সঞ্চয় কিষাণেও আলফাৰ ওচৰত ক্ষমা খুজিছিল।
যদি বৰ্ষাশ্ৰীৰ ঘটনাটো গণতন্ত্ৰৰ প্ৰতি অৱমাননা বুলি ধৰা হয়, তেন্তে সঞ্জয় কিষাণে কৰা কাৰ্য গণতন্ত্ৰৰ অৱমাননা নহয় নেকি বুলিও প্ৰশ্ন কৰে জ্ঞানশ্ৰীয়ে।
আনহাতে ডিজিপি ভাস্কৰজ্যোতি মহন্ত বা চৰকাৰী নেতা-মন্ত্ৰীয়ে দাবী কৰা মতে, যদি বৰ্ষাশ্ৰীয়ে আনক আলফালৈ লৈ যাবলৈ চেষ্টা কৰিছিল, তেন্তে ইয়াৰ প্ৰমাণ আছেনে বুলিও প্ৰশ্ন কৰে ৰাইজৰ দলৰ নেত্ৰীগৰাকীয়ে।
তেওঁ কয় যে বিগত সময়ত আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই ঘণ্টা ঘণ্টা ধৰি টিভিৰ টক শ্ব’ত সাক্ষাৎকাৰ প্ৰদান কৰি আহিছে। সংবাদ মাধ্যমৰ বহুতৰে সৈতে তেওঁৰ ভাল সম্পৰ্ক আছে।
তেন্তে বৰ্ষাশ্ৰীয়ে ফেচবুকত লিখা দুটা শাৰীয়ে যুৱক-যুৱতীসকলক আলফাত যোগদানৰ প্ৰতি উদ্বুব্ধ কৰিব নে পৰেশ বৰুৱাই টক শ্ব’ত বহু নিজৰ নীতি আদৰ্শৰ কথা কোৱাৰ পিছত বেছি মানুহ আলফালৈ যাবলৈ উদ্বুব্ধ হ’ব বুলিও এক গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰে জ্ঞানশ্ৰী বৰুৱাই।
ৰাইজৰ দলৰ মুখপাত্ৰ গৰাকীয়ে কয়, ‘জেলৰ পৰা যেতিয়া বৰ্ষাশ্ৰী ঘূৰি আহিব তেতিয়া যদি তাইৰ মনটো অধিক বিদ্ৰোহী হৈ উঠে সেইটোহে চিন্তনীয় বিষয়।’
আনহাতে যদি বৰ্ষাশ্ৰীৰ মনটো বিদ্ৰোহী হৈ উঠিছিল তেন্তে চৰকাৰে কাউঞ্চিলিঙৰ ব্যৱস্থা কৰিব লাগিছিল বুলি মন্তব্য কৰি জ্ঞানশ্ৰীয়ে কয় যে সেয়া নকৰি চৰকাৰে বিগত দুমাহ ধৰি এগৰাকী যুৱতীক বন্দী কৰি ৰখাটো কোনো পধ্যেই ন্যায়সংগত নহয়।
3 Comments