তদন্তত গাফিলতি! যান-বাহন শাখাৰ ASI সুনীল দাসক ৰিজাৰ্ভ ক্ল’জ…

বিলাসীপাৰাৰ যান-বাহন শাখাৰ ASI সুনীল দাসক ৰিজাৰ্ভ ক্ল’জৰ নিৰ্দেশ৷

উদণ্ড বাইকাৰ্ছৰ বিৰুদ্ধে তদন্তত গাফিলতিৰ অভিযোগত ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে দাসক।

তাৎক্ষণিকভাৱে ৰিজাৰ্ভ ক্ল’জৰ নিৰ্দেশ প্ৰদান কৰা হৈছে যান বাহন নিয়ন্ত্ৰণ শাখাৰ ASI সুনীল দাসক।

বিলাসীপাৰাৰ “গেং অৱ ডেভিলচ”ৰ বাইকাৰ্চে দুৰ্ঘটনা সংঘটিত কৰি এগৰাকী বৃদ্ধা মৃত্যু হোৱাৰ পাছত অৱহেলা কৰাৰ অভিযোগ ASI সুনীল দাসৰ বিৰুদ্ধে।

উল্লেখ্য যে, বৃদ্ধাগৰাকীৰ মৃত্যুৰ পিছতে ভাইৰেল হৈ পৰিছিল এটা ভিডিঅ’। য’ত ১০ মিনিটতে থানাৰ পৰা ওলাই অহা বুলি দম্ভালি মাৰিছিল উদণ্ড বাইকাৰ্চে।

এই ঘটনাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ।