ঢুলীয়া সংস্কৃতিৰ অন্যতম ধ্বজাবাহক তুলসী ওজা আৰু নাই…

অসমৰ ঢুলীয়া সংস্কৃতিৰ অন্যতম ধ্বজাবাহক তুলসী ওজা আৰু নাই।

দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল লোকবাদ্যৰ সাধকগৰাকী।

বি বৰুৱা কেন্সাৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল ঢোল সম্ৰাট তুলসী নেওগ ওজা।

মৃত্যুৰ সময়ত প্ৰায় ৯০ বছৰ বয়স আছিল ওজাৰ।

অসমৰ ঢুলীয়া সংস্কৃতিৰ প্ৰসাৰ আৰু প্ৰচাৰত এইগৰাকী প্ৰবীণ শিল্পীৰ আছিল বিশেষ অৱদান।

এসময়ত ঢোলৰ যাদুৰে উজনিৰ পৰা নামনিলৈ সন্মোহিত কৰিছিল ৰাজ্যবাসীক।

ঢুলীয়া সংস্কৃতিৰ পথাৰখনত এইগৰাকী প্ৰবীণ শিল্পীৰ অৱদান আছিল অন্যতম। টিংখাঙৰ ভালোকমৰা গাঁৱৰ নিবাসী তুলসী নেওগ ওজাই কান্ধৰ ঢোলটো কেৱল অসমতে নহয় বিদেশলৈও প্ৰসাৰিত কৰিছিল।

ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় মঞ্চত ঢোলবাদনেৰে ৰাজ্যবাসীক গৌৰান্বিত কৰিছিল।

ঢুলীয়া সংস্কৃতিলৈ আগবঢ়োৱা এই অৱদানৰ বাবে তেওঁ প্ৰতিমা বৰুৱা পাণ্ডে সন্মান লাভ কৰিছিল।

তুলসী ওজাৰ মৃত্যুত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰিছে।

তেওঁ কৈছে- ‘অসমৰ ঢুলীয়া সংস্কৃতিৰ অন্যতম ধ্বজাবাহী ব্যক্তিসত্তা তুলসী ওজাদেৱৰ পৰলোক গমনৰ খবৰটো পাই গভীৰভাৱে মৰ্মাহত হৈছোঁ৷ ঢুলীয়া সংস্কৃতিক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াত তেখেতৰ অৱদান আমি চিৰদিন মনত ৰাখিম৷ এই বিয়োগ আমাৰ ৰাজ্যৰ বাবে এক বুজাব নোৱৰা অপূৰণীয় ক্ষতি৷ এই কৰুণ মুহূৰ্তত ডিব্ৰুগড়ৰ সন্তান ঢোলৰ ওজাগৰাকীৰ আত্মাৰ চিৰশান্তি কামনাৰ বাবে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ৷ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ৷’