ড্ৰোণ কেমেৰাত দেখা পোৱা গ’ল কাজিৰঙাত দুৰ্ঘটনাত পতিত গঁড়টো…

নিউজ ডেস্কঃ অৱশেষত উদ্ধাৰ হ’ল কাজিৰঙাৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত হোৱা গঁড়টো।

ড্ৰোণ কেমেৰাত কাজিৰঙাৰ হালধীবাৰী অঞ্চলত দেখা পোৱা গঁড়টোৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছত গঁড়টোৰ চলন-ফুৰণত কোনো ধৰণৰ অস্বাভাৱিকতা দেখা পোৱা হোৱা নাই বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰীয়ে লগতে এনিমেল কৰিড’ৰ পাৰ হোৱাত সময়ত লাহে লাহে গাড়ী চলাবলৈও চালক সকলক আহ্বান জনায়।

উল্লেখ্য যে, দেওবাৰে কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এটা গঁড়ে পথ পাৰ হ’বলৈ চেষ্টা কৰাৰ সময়তে এখন দ্ৰুতবেগী ট্ৰাকত খুন্দা মাৰে।

এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।