ড্ৰােণেৰে ড্ৰাগছ সৰবৰাহৰ অপচেষ্টা! BSF-এ ধ্বংস কৰিলে কোটি টকা মূল্যৰ ড্ৰাগছ কঢ়িয়াই অনা ড্ৰোণ

এইবাৰ ভাৰতলৈ ড্ৰােণেৰে ড্ৰাগছ সৰবৰাহৰ অপচেষ্টা।
BSF-এ ধ্বংস কৰিলে কোটি টকাৰ ড্ৰাগছ কঢ়িয়াই অনা ড্ৰোণ।
BSF বাহিনীয়ে অমৃতসৰ সীমান্তত গুলীয়াই ধংস কৰে পাকিস্তানৰ পৰা অহা ১০.৬৭ কিলোগ্ৰাম হিৰোইন ভৰ্তি ড্ৰোণ।
দেওবাৰে সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ) পঞ্জাৱ ফ্ৰণ্টিয়াৰ সেনাই অমৃতসৰ সীমান্ত অঞ্চলত পাকিস্তানৰ ফালৰ পৰা অহা এখন সন্দেহযুক্ত ড্ৰোণলৈ গুলীবৰ্ষণ কৰে।
অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা অৱগত কৰি বিএছএফ পাঞ্জাৱ ফ্ৰণ্টিয়াৰে কয় যে, তেওঁলোকে গুলীবৰ্ষণ কৰা পাকিস্তানী ড্ৰ’ণৰ পৰা ৯ টা পেকেট উদ্ধাৰ কৰে, আৰু পেকেটবোৰত ১০.৬৭ কিলোগ্ৰাম ওজনৰ সন্দেহযুক্ত হেৰোইন জব্দ কৰে।
উল্লেখ্য যে, পাকিস্তানৰ ড্ৰোণ ভাৰতত প্ৰৱেশৰ চেষ্টা এইয়াই প্ৰথম নহয়। যোৱা ২৯ এপ্ৰিলত বিএছএফৰ সেনাই পাকিস্তানৰ পৰা পঞ্জাৱৰ অমৃতসৰ চেক্টৰৰ ধানো কলন গাঁৱৰ ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰি থকা অৱস্থাত এখন পাকিস্তানী ড্ৰোণলৈ গুলীবৰ্ষণ কৰিছিল।
বিএছএফৰ দ্বাৰা উদ্ধাৰ কৰা কোৱাডকপ্টাৰটো হৈছে ‘মেড ইন চাইনা’ ডিজেআই মেট্ৰিচ – 300 ড্ৰোন। বিএছএফৰ জোৱানসকলে ২৯ এপ্ৰিলত পাকিস্তানৰ ফালৰ পৰা ভাৰতীয় ভূখণ্ডলৈ প্ৰৱেশ কৰা এটা উৰণীয়া বস্তুৰ গুঞ্জনৰ শব্দ শুনি সৈন্যবাহিনীয়ে গুলী চালনা কৰি ড্ৰোণখন তললৈ নমাই আনিছিল।
09/05/2022#Amritsar @BSF_Punjab Frontier#BSF troops foiled another smuggling attempt through Pak drone. Vigilant BSF troops fired at the drone coming from Pak & brought it down. Drone carrying 9 packets suspected to be #Heroin (10.670Kgs) in a bag were also recovered.#JaiHind pic.twitter.com/MhAsr9omw3
— BSF PUNJAB FRONTIER (@BSF_Punjab) May 9, 2022
“গোটেই অঞ্চলটো ঘেৰাও কৰা হৈছিল আৰু আৰক্ষী আৰু সংশ্লিষ্ট ভগ্নী সংস্থাসমূহক তৎক্ষণাৎ অৱগত কৰা হৈছিল। তদুপৰি, গভীৰতা অঞ্চলটোৰ এক তীব্ৰ অনুসন্ধান চলোৱা হৈছিল আৰু পুৱা প্ৰায় ৬:১৫ বজাত, সৈন্যই ধানো কলনৰ ওচৰত এটা ক’লা ৰঙৰ কোৱাডকপ্টাৰ, “মেড ইন চাইনা”, মডেল-ডিজেআই মেট্ৰিচ – ৩০০” উদ্ধাৰ কৰে,” বিএছএফে এক বিবৃতিত জনায়।
ইয়াৰ পূৰ্বে, বিএছএফৰ পঞ্জাৱ ফ্ৰণ্টিয়াৰে পঞ্জাৱৰ সীমান্তৰ সিপাৰৰ পৰা নিষিদ্ধ আৰু অস্ত্ৰ-শস্ত্ৰৰ চোৰাং ব্যৱসায়ত জড়িত ড্ৰোনৰ তথ্যৰ ওপৰত ১ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা কৰিছিল।
নিচাজাতীয় সামগ্ৰী আৰু অস্ত্ৰ-শস্ত্ৰৰ চোৰাং ব্যৱসায়ৰ বাবে পঞ্জাৱ আন্তঃৰাষ্ট্ৰীয় সীমান্তত ড্ৰোনৰ বৰ্ধিত কাৰ্যকলাপৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছিল।