ড্ৰাগছ সৰবৰাহত জড়িত খাকী পোছাকধাৰী, আৰক্ষীৰ জালত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুই গৃহৰক্ষী জোৱান…

ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ অভিযান।

অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ মাজতেই ড্ৰাগছ সৰবৰাহত নামিল এইবাৰ খাকী পোছাকধাৰী।

গড়চুক আৰক্ষীৰ দুজন গৃহৰক্ষী জোৱানৰ পৰা জব্দ কৰা হয় বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ।

গুৱাহাটী আৰক্ষীয়ে বুধবাৰে এগৰাকী ব্যক্তিৰ পৰা জব্দ কৰিছে ৫০ হাজাৰ ৱৰ্ল্ড ইজ ইয়ৰ্ছ নামৰ নিচাজাতীয় টেবলেট।

গৃহৰক্ষী জোৱান দুজন হেমন্ত বৰ্মন আৰু বাবুল দাস বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, মহানগৰীৰ ISBT ত যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত চলিছিল এই ড্ৰাগছ বিৰোধী অভিযান।

গ্ৰেপ্তাৰ এজন গৰাকী ড্ৰাগছ সৰবৰাহকাৰী।

ম: চালামুদ্দিন নামৰ এজন লোকে সৰবৰাহ কৰিছিল এই নিষিদ্ধ ড্ৰাগছ খিনি।

দুই গৃহৰক্ষী জোৱানে সংগ দিছিল এই কাৰ্যত।

এই পৰ্যন্ত ঘটনা সন্দৰ্ভত মুখ খোলা নাই গড়চুক আৰক্ষীয়ে।

ইপিনে এক টুইটৰ জৰিয়তে মুখ্যমন্ত্ৰী শৰ্মাই এই বিষয়ে উল্লেখ কৰি কৈছে যে, গুৱাহাটী আৰক্ষীৰ সফলতাৰে ৫০,০০০ ‘ৱৰ্ল্ড ইজ ইয়ৰ্ছ’ টেবলেট উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

Leave a Comment