fbpx
অসম

ড্ৰাগছৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ৯০ শতাংশই মুছলমানঃ বিধায়ক ছিদ্দিক আহমেদ

নিউজ ডেস্ক। ৰাজ্যত প্ৰতিদিনে ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰতৰ অভিযান আৰম্ভ ৰাখিছে আৰক্ষীয়ে। বিভিন্ন প্ৰান্তত দৈনিক উদ্ধাৰ হৈছে ড্ৰাগছৰ দৰে বৰবিহ।

এই সৰবৰাহৰে জড়িত থকাক অভিযোগত গ্ৰেপ্তাৰ হৈ আহিছে অনেক লোক। ড্ৰাগছৰ এই অবাধ বেহাই চিন্তিত কৰি তুলিছে সচেতন মহলকো।

আৰক্ষীয়ে অভিযান চলাই প্ৰতিদিনে ড্ৰাগছ উদ্ধাৰৰ লগতে সৰবৰাহকাৰীক গ্ৰেপ্তাৰৰ মাজতে দক্ষিণ কৰিমগঞ্জৰ বিধায়ক ছিদ্দিক আহমেদে কৰা এক মন্তব্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ড্ৰাগছৰ সৰবৰাহৰ অভিযোগত আটক হোৱা যুৱকৰ ৯০ শতাংশই মুছলমান বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বিধায়কগৰাকীয়ে।

তেওঁ লগতে কয় যে ড্ৰাগছৰ সেৱন বা ব্যৱসায়ক ইছলাম ধৰ্মত ‘হাৰাম’ বুলি ধৰা হয়।কিন্তু তাৰ পিছতো কিয় মুছলমান যুৱকসকলে ড্ৰাগছৰ ব্যৱসায়ৰে সহজ ধন ঘটাৰ পথ বাচি লৈছে সেয়া চিন্তাৰ বিষয়।

image 28

দৰাচলতে যোৱা ৮ এপ্ৰিলত কৰিমগঞ্জৰ ৰতাবাৰীত আৰক্ষীয়ে অভিযান চলাই প্ৰায় ১৮ কোটি টকা মূলৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিছিল ৪জন যুৱকক। ধৃত যুৱক কেইজনৰ ভিতৰত এজন আছিল কৰিমগঞ্জ জিলাৰ অসম গণ পৰিষদ দলৰ জিলা সভাপতি হিলাল আহমেদ খানৰ ভাতৃ হুছেইন আহমেদ খান।

ইয়াৰ পিছতে অগপৰ জিলা সভাপতিগৰাকীক আক্ৰমণ কৰি ছিদ্দিক আহমেদে কয় যে, এটা দলৰ জিলা সভাপতিৰ ভাতৃ ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত থকাটো চিন্তনীয় বিষয়। তেওঁলোকে একেলগে থাকে। গতিকে ভাতৃৰ ড্ৰাগছ ব্যৱসায়ৰ বিষয়ে আনজন ভাতৃয়ে কেনেকৈ নজনাকৈ থাকিব পাৰে?

একে সময়তে ছিদ্দিক আহমেদে মুছলমানক লৈও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

তেওঁ দাবী কৰে যে ড্ৰাগছৰ ব্যৱসায়ত গ্ৰেপ্তাৰ হোৱা ৯০ শতাংশই হৈছে মুছলমান। অতি সহজে ধন ঘটাৰ বাবে মুছলমান যুৱকসকলে কিয় ড্ৰাগছৰ ব্যৱসায়ৰ পথ বাচি লৈছে সেয়া চিন্তনীয় বিষয়। তেওঁ লগতে কয় যে কোৰাণত ড্ৰাগছ বা মাদক দ্ৰব্যৰ সেৱন অপৰাধ বুলি গণ্য কৰা হৈছে।

উল্লেখ্য যে, অলপতে সম্পন্ন হোৱা ৰাজ্যসভাৰ নিৰ্বাচনত ভোট নষ্ট কৰাৰ অভিযোগত প্ৰদেশ কংগ্ৰেছে নিলম্বন কৰিছে বিধায়ক ছিদ্দিক আহমেদক। প্ৰায়ে বিতৰ্কিত মন্তব্যৰে চৰ্চাত থকা বিধায়্‌কগৰাকীয়ে পুুনৰ কৰা এনে মন্তব্যই লাভ কৰিছে আন এক চৰ্চা।

লগতে চাওকঃ

শােকাৱহ! বজ্ৰপাতত কৰুণ মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ

G6 2

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!