ড্ৰাগছৰ বেহাত জড়িত ৰে’ল আৰক্ষীৰ জোৱান, ড্ৰাগছসহ এজনক আটক কৰিলে এগৰাকী মহিলাই

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে দিনে নিশাই অভিযান চলোৱাৰ সময়তে লামডিঙত ৰে’ল আৰক্ষীৰ একাংশ জোৱান ড্ৰাগছৰ বেহাত নামি পৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এইবাৰ লামডিঙত ড্ৰাগছসহ জি আৰ পিৰ গৃহৰক্ষী জোৱানক আটক কৰিলে এগৰাকী মহিলাই।

লামডিঙৰ ইটাভট্টা চাৰি আলিৰ পঞ্চায়তৰ এ পি অঞ্জু ৰানী দাস নামৰ এগৰাকী সাহসী মহিলাৰ তৎপৰতাত ৰাইজে ড্ৰাগছসহ জি আৰ পিৰ গৃহৰক্ষী জোৱান পদুম দাসক আটক কৰে।

প্ৰথমে অঞ্জু ৰানী দাসে ইটাভাট্টা চাৰিআলীত জোৱানজনৰ হাতত চাবোনৰ বাকচ প্ৰতক্ষ্য কৰে৷

পৰৱৰ্তী সময়ত গৃহৰক্ষীজনৰ ওপৰত সন্দেহ জন্মাত গৃহৰক্ষী পদুম দাসক সোধোতে পদুম দাসে অঞ্জুৰানীক প্ৰহাৰ কৰি পলাবলৈ চেষ্টা কৰে৷

ইয়াৰ পিছতে অঞ্জু দাসে চিঞৰ বাখৰ কৰাত অঞ্চলটোৰ ৰাইজে গৃহৰক্ষীজনক কৰায়ত্ত কৰে৷

আটকাধীন জি আৰ পিৰ গৃহৰক্ষী জোৱান জনক ৰাইজে লামডিঙ আৰক্ষীক গটাই দিয়ে৷

লামডিঙ আৰক্ষীয়ে গৃহৰক্ষী জোৱানজনে নিজে ড্ৰাগছ সেৱন কৰাৰ লগতে ড্ৰাগছৰ ব্যৱসায় কৰাৰ সন্দেহ কৰিছে।

আটকাধীন জোৱানজনৰ পৰা ৬.৬২ গ্ৰাম সন্দেহজনক ব্ৰাউন চুগাৰ জব্দ কৰিছে৷

Leave a Comment