ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান! এইবাৰ জব্দ আঢ়ৈ কোটি টকাৰ ড্ৰাগছ, এজনক আটক…

ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ অভিযান।

কাৰ্বি আংলং জিলাৰ বোকাজানত এইবাৰ আঢ়ৈ (২.৫) কোটি টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।

বোকাজানৰ পুৰণা লাহৰিজানত এই বুজন পৰিমান ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে।

আৰক্ষীৰ নাকা তালাচীত জব্দ হয় ৩৮০ গ্ৰাম হেৰ’ইন। ২৭ টা চাবোনৰ বাকচত আনিছিল হেৰ’ইনখিনি।

মণিপুৰৰ পৰা গুৱাহাটী অভিমুখী এখন যাত্ৰীবাহী বাছত লৈ আনিছিল ড্ৰাগছ খিনি।

লগতে আৰক্ষীৰ জালত পৰিছে ড্ৰাগছ সৰবৰাহকাৰী আজাদ খান নামৰ এজন লোক।

ড্ৰাগছ সৰবৰাহ কৰা বাছ খনৰ নম্বৰ MN-06B-1341।

উল্লেখ্য যে, চলিত সপ্তাহতে বোকাজানৰ পুৰণা লাহৰিজানত ২ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছিল আৰক্ষী।

Leave a Comment