অসম
ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আৰক্ষীৰ অভিযান, ড্ৰাগছ সহ আটক হনুমান মন্দিৰৰ পূজাৰী…

ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে অসম আরক্ষীৰ অভিযান।
এইবাৰ ড্ৰাগছ সৰবৰাহী ৰূপত মন্দিৰৰ পূজাৰী।
লামডিং আৰক্ষীৰ জালত সাধুকূটিৰ হনুমান মন্দিৰৰ পূজাৰী সুভম উপাধ্যায়।
আৰক্ষীৰ অভিযানত আটক আন দুজন সৰবৰাহকাৰী ক্ৰমে ডবকাৰ আবুল কালাম আৰু মোৰাঝাৰৰ দিলবৰ হুছেইন।
উল্লেখ যে লামডিং আৰক্ষীয়ে সোমবাৰে নিশা ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাইছিল৷
অভিযানত লামডিং ক্ৰচিং গেটৰ পৰা ড্ৰাগছসহ আৰক্ষীয়ে উক্ত তিনি সৰবৰাহকাৰীক আটক কৰে৷
তিনিজনৰ পৰা আৰক্ষীয়ে ২৩ টা প্লাষ্টিকৰ কন্টেনাৰত প্ৰায় ১৩.৪৩ গ্ৰাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়৷