ডুবাইৰ শ্বেইখৰ দৰে দৰাৰ সাজ পিন্ধি বিয়াত বহিল শিলচৰৰ যুৱক, বিতৰ্কৰ পিছতে পুনৰ সম্পন্ন হ’ল বিবাহ

নিউজ ডেস্কঃ আৰবীয়ান শ্বেইখৰ দৰে পোছাক পৰিধান কৰি নিজৰ বিয়াত বহিল এজন হিন্দু যুৱক। এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছতে অৱশেষত পৰম্পৰাগত হিন্দু দৰাৰ পোছাক পিন্ধি পুনৰ বিবাহ সম্পন্ন কৰিবলগা হ’ল যুৱকজনে।

এনে ধৰণৰ এক আশ্বৰ্যকৰ ঘটনা সংঘটিত হৈছে এইখন অসমৰে শিলচৰৰ অম্বিকাপট্টীত।

উল্লেখ্য যে, বৃহস্পতিবাৰে নিশা সদৰঘাটৰ এটা কমিউনিটি হলত বিবাহ সম্পন্ন হৈছিল অম্বিকাপট্টীৰ প্ৰসেনজিৎ সাহা নামৰ যুৱকজনৰ। কিন্তু এই বিয়াখনত দৰা প্ৰসেনজিতে আৰবী শ্বেইখৰ দৰে পোছাক পৰিধান কৰাক লৈ বিৰোধিতা কৰে হিন্দুত্ববাদী সংগঠনসমূহে। লগতে এই বিবাহত দৰাৰ বন্ধুৱে ‘হাবিবি’ শ্ল’গান দিয়া কাৰ্যইও হিন্দু সংস্কৃতিক অপমান কৰা বুলি অভিযোগ কৰে হিন্দু সংগঠনসমূহে।

biya biya
ডুবাইৰ শ্বেইখৰ দৰে দৰাৰ সাজ পিন্ধি বিয়াত বহিল শিলচৰৰ যুৱক, বিতৰ্কৰ পিছতে পুনৰ সম্পন্ন হ’ল বিবাহ 2

এই বিয়াখনৰ পিছতে হিন্দু সংগঠনৰ নেতৃত্বই শুকুৰবাৰে কইনাৰ পিতৃক সাক্ষাৎ কৰি এই বিষয়ে অৱগত কৰাত অৱশেষত শুকুৰবাৰে নিশা পুনৰ হিন্দু ৰীতি-নীতি আৰু পৰম্পৰাগত পোছাক পৰিধান কৰি সম্পন্ন হয় বিবাহখন। দ্বিতীয়বাৰৰ বাবে সম্পন্ন হোৱা বিয়াখনত উপস্থিত থাকে বজৰংগ দলৰ লগতে হিন্দুত্ববাদী সংগঠনৰ কেইবাগৰাকীও সদস্য।

শিলচৰৰ এই বিশেষ বিবাহখনৰ লৈ সূত্ৰপাত ঘটা বিতৰ্কই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।