fbpx
অসম

ডিমা-হাচাওত মুখ্যমন্ত্ৰী, পৰিদৰ্শন কৰিলে ভূমিস্খলন হোৱা অঞ্চল আৰু বাট-পথ…

মঙলবাৰে বান বিধ্বস্ত ডিমা হাচাওত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

ডিমা হাচাওৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিলে মুখ্যমন্ত্ৰীয়ে।

হাফলঙত ক্ষয়ক্ষতিৰো বুজ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বান পৰিস্থিতি বুজ লোৱাৰ লগতে অশ্ৰয় শিবিৰ পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰীয়ে।

উল্লেখ্য যে, বিদ্যুৎ, পানী যোগান, জলসিঞ্চনৰ প্ৰতিটো প্ৰকল্পই ধ্বংস হৈছে ডিমা হাচাওৰ বিধ্বংসী বানত।

ঘটনাৰ পৰ্যবেক্ষণ বাবে ২৭ মে’ত ডিমা হাচাওলৈ আহিব ভাৰত চৰকাৰৰ এটা প্ৰতিনিধি দল।

প্ৰতিনিধি দলটোৱে ক্ষয়-ক্ষতিৰ বুজ লৈ ভাৰত চৰকাৰক প্ৰতিবেদন দাখিল কৰিব বুলি মুখ্যমন্ত্ৰী শৰ্মাই জানিব দিয়ে।

উল্লেখ্য যে, জলপ্ৰলয়ে কালান্তক ৰূপ ধাৰণা কৰা ডিমা হাচাওৰ পৰিস্থিতি আজিও উন্নত হোৱা নাই। আজিও জিলা খনৰ বৃহত্তৰ অঞ্চল বৰ্হি জগতৰ পৰা বিচ্ছিন্ন হৈয়েই আছে।

পাহাৰৰ পৰা নামি অহা বোকা-পানীৰ ঢলে হাফলঙকে ধৰি জিলা খনৰ বহু ঠাই অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছিল।

প্ৰচণ্ড বৃষ্টিপাতৰ ফলত লামডিং-বদৰপুৰৰ ৬০স্থানত চিঙিছিল ৰে’ল লাইন। 

১১ স্থানতহে এতিয়ালৈ জোৰা লাগিছে। 

এতিয়াও তিনি মিটাৰ বোকাত পোত খাই আছে নিউ হাফলং ৰে’ল ষ্টেচন।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!