ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিলম্বিত উপাচাৰ্য ড° ৰঞ্জিত তামুলী অপসাৰণ…

অৱশেষত বৰ্খাস্ত হ’ল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিলম্বিত উপাচাৰ্য ৰঞ্জিত তামুলী।

১১ মাহৰ পাছত উপাচাৰ্য আসনৰ পৰা অপসাৰিত হ’ল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিলম্বিত উপাচাৰ্য ড° ৰঞ্জিত তামুলী।

বিশ্ববিদ্যালয়খনত সৃষ্টি হোৱা ব্যাপক বিত্তীয় কেলেংকাৰীৰ অভিযোগত বৰ্খাস্ত হোৱা নিলম্বিত উপাচাৰ্য ৰঞ্জিত তামুলীৰ অভিযোগৰ তদন্ত কৰিবলৈ ৰাজ্যপালে গঠন কৰি দিছিল তদন্ত কমিটী।

এই তদন্ত কমিটীৰ প্ৰতিবেদনৰ ভিত্তিতেই উপাচাৰ্য ৰঞ্জিত তামুলীক অপসাৰণ কৰা হৈছে।

অসমৰ ৰাজভৱনৰ পৰা সোমবাৰে প্ৰকাশিত এক নিৰ্দেশনাযোগে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিলম্বিত উপাচাৰ্যগৰাকীক অপসাৰণ কৰা হয়।

প্ৰায় তিনি পৃষ্ঠাযোৰা নিৰ্দেশনাত প্ৰাক্তন উপচাৰ্যগৰাকীৰ সকলো কু-কৃৰ্তী স্পষ্টৰূপত প্ৰমাণিত হোৱা বুলি উল্লেখ কৰা হৈছে।

উল্লেখ্য যে, উপাচাৰ্য ড° ৰঞ্জিত তামুলীয়ে বিশ্ববিদ্যালয়খনত সংঘটিত কৰা বিভিন্ন দুৰ্নীতি আৰু বিত্তীয় অনিয়মৰ বিৰুদ্ধে শিক্ষক সমাজৰ লগতে সৰৱ হৈ পৰিছিল বিষয়া আৰু কৰ্মচাৰী সন্থা।

আনহাতে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰঞ্জিত তামুলীৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ আৰু বিশ্ববিদ্যালয়ৰ গৰিমা অক্ষুন্ন ৰখাৰ স্বাৰ্থত এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত ৰাজ্যপালক সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰিছিল প্ৰাক্তন বিধায়ক ঋতুৰ্পণ বৰুৱাই।

অৱশেষত সোমবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা ৰাজ্যপাল জগদীশ মুখীয়ে সকলো দিশৰ প্ৰতি লক্ষ্য ৰাখি অপসাৰণ কৰে ড° ৰঞ্জিত তামুলীক। 

উল্লেখ্য যে, ২০১৮ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰূপে দায়িত্ব গ্ৰহণ কৰিছিল ৰঞ্জিত তামুলীয়ে।

Leave a Comment