অসম

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ অন্যতম অভিযুক্ত দিব্যজ্যোতি গগৈৰ আত্মসমৰ্পণ, গ্ৰেপ্তাৰ…

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ অন্যতম অভিযুক্ত দিব্যজ্যোতি গগৈৰ আত্মসমৰ্পণ।

আত্মসমৰ্পণৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্ত দিব্যজ্যোতি গগৈক।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ আনন্দ শৰ্মাৰ ৰেগিং কাণ্ডত দিব্যজ্যোতি গগৈৰ নাম জড়িত হোৱাৰ পিছৰে পৰা পলাতক অৱস্থাত আছিল।

বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বহিষ্কাৰ কৰাসকলৰ ভিতৰৰ এজন দিব্যজ্যোতি গগৈ।

উল্লেখ্য যে, ৰেগিং গোচৰত জড়িত থকাৰ অভিযোগত ইতিমধ্যেই বিশ্ববিদ্যালয়খনৰ মুঠ ২২ গৰাকী শিক্ষাৰ্থীক বহিষ্কাৰ কৰা হৈছে।

বৰ্তমানে চিকিৎসাধীন হৈ থকা অসমৰ আমগুৰি নিবাসী ভুক্তভোগী ছাত্ৰ আনন্দ শৰ্মাৰ আজি অস্ত্ৰোপচাৰ সম্পন্ন কৰা হ’ব।

Related Articles

Back to top button