অসম
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ লগত জড়িত ছাত্ৰ নেতা শুভ্ৰজিত বৰুৱাক গ্ৰেপ্তাৰ…

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং গোচৰত গ্ৰেপ্তাৰ আন এজন ছাত্ৰ নেতা।
ৰেগিং কাণ্ডৰ লগত জড়িত থকা ছাত্ৰ নেতা শুভ্ৰজিত বৰুৱাক গ্ৰেপ্তাৰ।
ডিব্ৰুগড় জিলাৰ টিংখঙৰ পৰা গ্ৰেপ্তাৰ কৰে শুভ্ৰজিত বৰুৱাক।
গোপন সূত্ৰৰ পম খেদি মৰাণৰ সমীপৰ পৰা আটক কৰিছে আৰক্ষীয়ে।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ আনন্দ শৰ্মাৰ ৰেগিং কাণ্ডত শুভ্ৰজিতৰ নাম জড়িত হোৱাৰ পিছৰে পৰা পলাতক অৱস্থাত আছিল।
বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বহিষ্কাৰ কৰাসকলৰ ভিতৰৰ এজন সুভ্ৰজিৎ বৰুৱা।
উল্লেখ্য যে, ৰেগিং গোচৰত জড়িত থকাৰ অভিযোগত ইতিমধ্যেই বিশ্ববিদ্যালয়খনৰ মুঠ ২২ গৰাকী শিক্ষাৰ্থীক বহিষ্কাৰ কৰা হৈছে।
বৰ্তমান ডিব্ৰুগড়ৰ আদিত্য চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে অসমৰ আমগুৰি নিবাসী ভুক্তভোগী ছাত্ৰ আনন্দ শৰ্মা।