অসম
অ’মিক্ৰণৰ অভিকেন্দ্ৰ দক্ষিণ অফ্ৰিকাৰ পৰা অসমলৈ অহা ছাত্ৰৰ দেহত ক’ভিড…

দেশত ভয়াৱহভাৱে বৃদ্ধি হৈ আছে কৰ’ণাৰ নতুন ভেৰিয়েন্ট অ’মিক্ৰণত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।
ইয়াৰ মাজতে অসমৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত হৈছে এক উদ্বেগজনক ঘটনা।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰৰ দেহত ধৰা পৰিছে ক’ভিডৰ উপস্থিতি।
দক্ষিণ আফ্ৰিকাৰ পৰা অহা এজন ছাত্ৰৰ দেহত ধৰা পৰিছে ক’ভিড।
ছাত্ৰজনৰ আৰ টি পি চি আৰ পৰীক্ষাত ধৰা পৰিছিল ক’ভিডৰ উপস্থিতি।
তেওঁৰ দেহত ক’ভিডৰ কোনটো প্ৰকাৰ আছে সেই বিষয়ে পৰীক্ষা কৰিবলৈ নমুনা প্ৰেৰণ কৰা হৈছে।
উল্লেখ্য যে, দক্ষিণ আফ্ৰিকাতেই প্ৰথমে ধৰা পৰিছিল কৰ’ণাৰ নতুন ভেৰিয়েণ্ট অ’মিক্ৰন প্ৰকাৰ।
সেয়েহে এই ছাত্ৰজনৰ দেহত ধৰা পৰা ক’ভিড অমিক্ৰন প্ৰকাৰৰ হয় নে নহয় তাৰ পৰীক্ষা কৰা হ’ব।