নিউজ ডেস্কঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গ্ৰেপ্তাৰ বিশ্ববিদ্যালয়খনৰ পদ্মনাথ গোঁহাই বৰুৱা ছাত্ৰ নিৱাসৰ ৪ ছাত্ৰক।
উল্লেখ্য যে, ছাত্ৰ নিৱাসটোৰ একাংশ চিনিয়ৰ ছাত্ৰৰ নিৰ্যাতনৰ বলি হৈ ছাত্ৰ নিৱাসটোৰ দু মহলাৰ পৰা জঁপিয়াইছিল আনন্দ শৰ্মা নামৰ বাণিজ্য শাখাৰ এজন ছাত্ৰই।
বৰ্তমান এখন ব্যক্তিগত হাস্পতালৰ আইচিইউত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ছাত্ৰজন।
ইয়াৰ পিছতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসটোত চলি থকা ৰেগিং কাণ্ডৰ কথা পোহৰলৈ আহে।
আনন্দ শৰ্মাৰ মাতৃৰ অভিযোগ অনুসৰি, বিগত ৪ মাহ ধৰি ছাত্ৰজনৰ লগতে আন ৪ গৰাকী ছাত্ৰক শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলাই আহিছিল ছাত্ৰ নিৱাসটোৰ একাংশ জ্যেষ্ঠ ছাত্ৰই।
এই ৰেগিং কাণ্ডত একাংশ প্ৰাক্তন ছাত্ৰও জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে।
ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তৎপৰতাৰে আৰক্ষীক কঠোৰ হ’বলৈ নিৰ্দেশ দিয়ে।
আৰু ইয়াৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সীমান্ত হাজৰিকা, নিৰঞ্জন ঠাকুৰ, গোলাপ ডেকা আৰু প্ৰাণজিত বৰুৱা নামৰ অভিযুক্ত ছাত্ৰ কেইজনক।
কিন্তু বৰ্তমানো এই ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰী নামৰ ছাত্ৰজন পলাতক হৈ থকা বুলি জানিব পৰা গৈছে।
আৰক্ষীয়ে ৰাহুল ছেত্ৰীৰ সন্ধান চলাই ইতিমধ্যে সোধা-পোছাৰ বাবে আটক কৰিছে ছাত্ৰজনৰ ভাতৃক।
আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, আনন্দ শৰ্মা ৰেগিং কাণ্ডক লৈ ১৭ জন ছাত্ৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।
ইয়াৰে ১৩ জন অভিযুক্ত ছাত্ৰ বৰ্তমানো পলাতক হৈ আছে।