fbpx
অসম

ডিফু জিলা কাৰাগাৰৰ পৰা পলায়ন কৰা তিনি কাৰাবন্দীৰ মাজৰ এজনক আটক…

ডিফুৰ কাৰাগাৰৰ পৰা পলায়ন কৰা তিনি কাৰাবন্দীৰ মাজৰ এজনক আটক।

মঙলবাৰে নিশা জিলা কাৰাগাৰৰ পাঁচজন কাৰাবন্দী ক’ভিড পজিটিভ হোৱাৰ বাবেই কাৰাগাৰৰ এক আছুতিয়া কোঠাত কোৱাৰেইণ্টাইন কৰি ৰখা হৈছিল।

তাৰ পিছতেই নিশা কোঠাটোৰ খিৰীকিৰ গ্ৰীল ভাঙি তিনি কাৰাবন্দীয়ে পলায়ণ কৰে।

পলায়ণ কৰা কাৰাবন্দীকেইটা ইদিছ আলী, আইনুল আলী আৰু আজমেৰ আলী বুলি জানিব পৰা গৈছে।

ইদিছ আলী আৰু আইনুল আলী ড্ৰাগছৰ গোচৰত জড়িত থকাৰ লগতে আজমেৰ আলী চুৰীৰ গোচৰত অভিযুক্ত আছিল।

ইতিমধ্যে আৰক্ষীয়ে অভিযান চলাই এজনক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে।

ডিফু থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জেএছ খবুঙৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ডিমাপুৰৰ পদুম পুখুৰী অঞ্চলৰ পৰা অভিযান চলাই আটক কৰিছে আইনুল নামৰ পলাতক কাৰাবন্দীটোক।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!