ডিজিটেলাইজ হ’ল ‘অসম সাহিত্য সভা’! এতিয়াৰে পৰা ইণ্টাৰনেটত উপলব্ হ’ব বহু আপুৰুগীয়া গ্ৰন্থ…

নিউজ ডেস্ক। ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ, ডিজিটেলাইজ হ’ল ‘অসম সাহিত্য সভা’।

এতিয়াৰে পৰা ইণ্টাৰনেটত উপলব্ধ হ’ব বহু আপুৰুগীয়া গ্ৰন্থ, সাধুকথা আদি।

সাহিত্য সভা ভৱনত আনুষ্ঠানিকভাৱে মুকলি ডিজিটেল প্লেটফৰ্ম।

https://assamsahityasabha.org ৱেবছাইট মুকলি।

আপুৰুগীয়া গ্ৰন্থ, মূল্যৱান আলোচনা উপলব্ধ হ’ব ৱেবছাইটযোগে।

সাধুকথা উপলব্ধ হ’ব https://linktr.ee/talesfromassam আৰু গ্ৰন্থ কোষ উপলব্ধ হ’ব www.granthakosh.sahityasabha.amtron.in।

এই অনুষ্ঠানতেই অসম সাহিত্য সভাৰ অফিচিয়েল ইউটিউব চেনেলো মুকলি কৰা হয়।

সাহিত্য সভাৰ বা-বাতৰি, পুতলা নাচ আদি উপলব্ধ হ’ব ইউটিউব চেনেলত।

এই অনুষ্ঠানত উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ উপাচার্য ডঃ ভৱেশ চন্দ্ৰ গোস্বামী, এমট্ৰনৰ পৰিচালন সঞ্চালক এম কে য়াদব, লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি।

Leave a Comment