ডিচেম্বৰৰ ভিতৰত ৰাজ্যৰ প্ৰতিখন প্রাথমিক বিদ্যালয়ত বিদ্যুৎ সংযোগ নিশ্চিত কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ…

ৰাজ্যৰ প্রতিটো অংগনৱাডী কেন্দ্র আৰু প্রতিখন প্রাথমিক বিদ্যালয়ত অহা ডিচেম্বৰ মাহৰ ভিতৰত বিদ্যুৎ সংযোগৰ বাবে প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিবলৈও নির্দেশ মুখ্যমন্ত্ৰীৰ।

 মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সোমবাৰে জনতা ভৱনস্থিত মুখ্যমন্ত্রীৰ সভাকক্ষৰ পৰা ভিডি’ কনফাৰেঞ্চযোগে ৰাজ্যৰ উপায়ুক্তসকলৰ সৈতে হোৱা আলোচনাত এই নিৰ্দেশ প্ৰদান কৰে।

তেওঁ লগতে জনায় যে বিদ্যুৎ সংযোগৰ সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে জিলাভিত্তিক লোকনির্মাণ, শক্তি বিভাগ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগক লৈ সমিতি এখন গঠন কৰি দিছে৷ এই সমিতিখনক লগত লৈ উপায়ুক্তসকলে আঁচনিখন ৰূপায়ণৰ ক্ষেত্রত আহি পৰা সমস্যা তৎকালীনভাৱে সমাধান কৰিব লাগিব

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে জলজীৱন মিছনৰ কাম–কাজৰ অগ্রগতিৰো বুজ লয়।

বৈঠকত মুখ্যমন্ত্রীয়ে কয় যে জলজীৱন মিছনৰ অধীনত প্রতিখন চাহ বাগিচাত যাতে অহা ডিচেম্বৰ মাহৰ ভিতৰত পানী যোগান ধৰিব পৰা যায়, বিষয়টো প্রতিগৰাকী ডপায়ুক্তই সুনিশ্চিত কৰিব লাগিব৷

জুলাইত ৯০ হাজাৰ লোকৰ গৃহলৈ জল সংযোগৰ লক্ষ্য লৈ ১.২৫ লাখ সংযোগ কৰাৰ বিষয়টোৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে আগন্তুক মাহতো নিৰূপিত লক্ষ্য অতিক্রম কৰাৰ বাবে উপায়ুক্তসকলে বিশেষ উদ্যোগ গ্রহণ কৰিব লাগিব।

মুখ্যমন্ত্রীয়ে কয় যে ভাৰত চৰকাৰৰ এই আঁচনিখনৰ বাবে কেন্দ্রীয় চৰকাৰে চলিত বর্ষত প্রায় ৫,৬০০ কোটি টকা আবণ্টন দিছে৷ আঁচনিখনৰ বাবে কোনো পুঁজিৰ নাটনি নহয়৷

এই ভিডিঅ’ কনফাৰেঞ্চত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্রী ৰঞ্জিত দাসে অংশগ্রহণ কৰে।

Leave a Comment