
নিউজ ডেস্ক। ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে নিবনুৱা সমস্যাই। এই কথা পুনৰ প্ৰমাণিত হ’ল বৃহস্পতিবাৰে ৰাজ্যজুৰি অনুষ্ঠিত হােৱা ‘নিয়ােগ মেলা’ত।
এটা চাকৰিৰ বাবে হাহাকাৰ কৰিছে ৰাজ্যৰ লাখ লাখ নিবনুৱাই।

পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন জিলাত অনুষ্ঠিত এই নিয়ােগ মেলাসমূহত দেখা গ’ল চাকৰি প্ৰত্যাশী হাজাৰ-হাজাৰ যুৱক-যুৱতীৰ দীঘলীয়া শাৰী।
This is the reality. In days of Corona, no proper authority to look after in name of Job Mela. Harrasing Students and Public both. Was mentally devastated to see the condition. Just 4 to 5 companies. Things could have been peacefully done online. #shameful #irresponsible https://t.co/JYmbYLTfg8 pic.twitter.com/gAQMl2AdxG
— Abhinanda Saikia (@abhinanda01) December 23, 2021
সামাজিক মাধ্যমসমূহত থকা চৰকাৰী হেণ্ডেল তথা বাতৰি কাকতত প্ৰকাশিত বিজ্ঞাপনৰ পাছতে হাতত বায়’ডাটা লৈ এই নিয়ােগ মেলাস্থলীত ভিৰ কৰে চাকৰি প্ৰত্যাশীয়ে।
কিন্তু একাাধিক মেলা স্থলীতে দেখা গ’ল চাকৰি প্ৰত্যাশীৰ অভাৱনীয় ভিৰ তথা উদ্যােক্তাৰ খামখেয়ালি।
কােনাে কােনাে ঠাইত মূল্যহীন কাগজৰ দৰে মাটিত পৰি ৰ’ল শ শ বায়ে’ডাটা।
অসমৰ যুৱকৰ সপোন বোৰ এনেকৈয়ে পৰি ৰব নেকি বাৰু কোনোবা এচুকত। (আজি কাৰোৰে বিশেষ একো নহ’ল কেৱল XEROX কৰা দোকানী কেইজন হে অপল ধনী হ’ল। ধন্যবাদ এনে উপায়েৰে তেওঁলোকক অপলমান সকাহ প্ৰদান কৰাৰ বাবে Job Mela আয়োজন কৰা উদ্যোক্তা সকল।এনে দৰেই ভৰিৰ তলত পৰি ৰল সপোন লাগি থকা বায়ʼডাটা বোৰ) pic.twitter.com/GNgRAw83Ni
— Bhaskar Boruah (@Bhaskar99916521) December 23, 2021
ইতিমধ্যে সামাজিক মাধ্যমত এনে একাধিক ফটাে তথা ভিডিঅ’ ভাইৰেল হৈ পৰিছে।
চাকৰি মেলাৰ নামত সৃষ্টি হােৱা এনে অভাৱনীয় পৰিস্থিতিৰ বাবে সামাজিক মাধ্যমৰ জৰিয়তে ক্ষােভ উজাৰিছে বিভিন্ন লােকে।
এই নিয়ােগ মেলা চৰকাৰী নে বেচৰকাৰী চাকৰিৰ বাবে, তাকে লৈও সৃষ্টি হ’ল বিভ্ৰান্তিৰ। বহু লােকে নিয়ােগ মেলাক ভেঁকোভাওনা আখ্যা দিয়ে।
Major chaos was observed in Guwahati after @mygovassam issued advertisements for #jobmela, organised by Department of Skill, Employment and Entrepreneurship. #Assam pic.twitter.com/9ZpgJeT6cx
— Hillol J. Deka (@HillolDeka) December 23, 2021
একাংশই এই চাকৰি মেলাক নিবনুৱাৰ বাবে ডিচেম্বৰ মাহত চৰকাৰী এপ্ৰিল ফুল আখ্যা দিয়ে।
একাংশই আকৌ চাকৰি প্ৰত্যাশীৰ প্ৰতিক্ৰিয়াৰ ভিডিঅ’ও সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে।
যেনেকৈ Instagramত চাই ছোৱালী পটাব নালাগে ঠিক তেনেকৈ এডভাৰ্টাইছ চাই আহিব নালাগে ।
— Srimanta Das Assam journalist (@SRIMANT97504403) December 23, 2021
job mela pic.twitter.com/3uUxQ0Guf7
দূৰ-দূৰণিৰ পৰা নিবনুৱা যুৱক-যুৱতীয়ে নিয়ােগ মেলাস্থলীলৈ আহি অতি কষ্টৰে জমা দিয়া এনে নথি-পত্ৰ পৰিত্যক্ত অৱস্থাত প্ৰত্যক্ষ কৰি নিৰাশ হৈ পৰিছে চাকৰি প্ৰত্যাশী।
নিবনুৱা যুৱক যুৱতীৰ চাকৰি দিব নােৱাৰিলেও অন্ততঃ বায়’ডাটাসমূহক সন্মান দিয়াটাে উচিত বুলি বিভিন্নজনে সামাজিক মাধ্যমত ক্ষােভ উজাৰিছে।