ডিচেম্বৰত অনুষ্ঠিত হ’ব চতুৰ্থ বৰ্গৰ মৌখিক পৰীক্ষা, এই পৰীক্ষাত থাকিব মাত্ৰ ৫ নম্বৰঃ ঘোষণা মুখ্যমন্ত্ৰীৰ…

নিউজ ডেস্কঃ আজি ঘোষিত হ’ল ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ ফলাফল।

নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতে বৰ্তমান দিল্লীত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ প্ৰতিক্ৰিয়া।

ডিচেম্বৰ মাহত অনুষ্ঠিত হ’ব চতুৰ্থ বৰ্গৰ মৌখিক পৰীক্ষা।

এই পৰীক্ষাত থাকিব মাত্ৰ ৫ নম্বৰ।

মুখ্যতঃ লিখিত পৰীক্ষাৰ ফলাফলেই প্ৰাৰ্থীৰ নিযুক্তি নিৰ্ণয় কৰিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আনহাতে নৱেম্বৰ মাহত ঘোষণা কৰা হ’ব তৃতীয় বৰ্গৰ লিখিত পৰীক্ষাৰ ফলাফল।

ফলাফল ঘোষণাৰ পিছত অনুষ্ঠিত হ’ব দক্ষতা পৰীক্ষা।