
নিউজ ডেস্কঃ আজিকালি জনপ্ৰিয় হোৱাৰ লালসাই মূৰত ধৰিছে একাংশৰ!
সামাজিক মাধ্যমত ৰীল ভিডিঅ’ বনাই জনপ্ৰিয় হোৱাৰ সপোন দেখা যুৱক-যুৱতীৰ সংখ্যা এইখন ভাৰতত অভাৱ নাই।
ফুৰিবলৈ গ’লেও ৰীল ভিডিঅ’, ঘৰলৈ আলহী আহিলেও ভিডিঅ’, পোহনীয়া কুকুৰ বা মেকুৰী জনীক কোলাত তুলি লৈও ভিডিঅ’…!
কৰ্তব্য সম্পাদন কৰি থাকোতেও ৰীল ভিডিঅ’ বনাই কিন্তু এইবাৰ বিপদত পৰিল ৪ গৰাকী মহিলা আৰক্ষী কনিষ্টবল।
অযোধ্যাৰ ৰাম জন্মভূমি স্থানত নিৰাপত্তাত নিয়োজিত ৪ গৰাকী মহিলা কনিষ্টবলৰ এটা ৰীল ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে নিলম্বন কৰা হয় তেওঁলোকক।
#Ayodhya: महिला सिपाहियों के द्वारा बनाया गया 'पतली कमरिया तोरी' पर रील। महिला सिपाहियों का विडियो हुआ वायराल। @ayodhya_police pic.twitter.com/YGn8rlj5cU
— Rahul kumar Vishwakarma (@Rahulku18382624) December 16, 2022
অভিযোগ অনুসৰি, কৰ্তব্য সম্পাদনৰ সময়ত ভোজপুৰী গীতত ৰীল ভিডিঅ’ বনোৱাত ব্যস্ত আছিল মহিলা আৰক্ষী কনিষ্টবল কেইগৰাকী।
যাৰ বাবে বৃহস্পতিবাৰে অতিৰিক্ত আৰক্ষী অধীক্ষক মুনিৰাজ জীয়ে দাখিল কৰা তদন্তৰ প্ৰতিবেদনৰ ভিত্তিত নিলম্বন কৰা হয় আৰক্ষী কনিষ্টবল কবিতা পেটেল, কামিনী কুশ্বৱাহা, কাশীষ চাহানী আৰু সন্ধ্যা সিঙক।