অসমীয়াঅসম

‘ডাল মে কুছ কালা হ্যে’- বটদ্ৰৱা কাণ্ডক লৈ প্ৰতিক্ৰিয়া বদৰুদ্দিন আজমলৰ, ন্যায়িক তদন্তৰ দাবী

নিউজ ডেস্কঃ বিগত কিছু দিন বটদ্ৰৱা কাণ্ডক লৈ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া।

একাংশ দুস্কৃতিকাৰীয়ে বটদ্ৰাৱা থানা জ্বলাই দিয়াৰ লগতে আৰক্ষীৰ জিম্মাত এজন অভিযুক্তৰ মৃত্যুক লৈও বিভিন্নজনে বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

তাৰ মাজতে শেহতীয়াকৈ বটদ্ৰৱা কাণ্ডৰ মূল খলনায়ক আশ্বিকুৰৰ আৰক্ষীৰ বাহনৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা কৰাৰ সময়ত সংঘটিত মৃত্যুক লৈ সৰৱ হৈ পৰিছে বিৰোধী।

batadrawa kand

উল্লেখ্য যে, আৰক্ষীৰ জিম্মাত এজন অভিযুক্তৰ মৃত্যু আৰু নিশা আৰক্ষীৰ বাহনৰ পৰা পলায়নৰ চেষ্টা চলাই অভিযুক্তৰ প্ৰাণহানি হোৱাৰ ঘটনাক অসমত আৰক্ষী ৰাজৰ পৰিণতি বুলি অভিহিত কৰিছে বিৰোধীয়ে।

উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশৰ দৰে অসমতো আৰক্ষীয়ে আইন-কানুনক উপেক্ষা কৰি নিজৰ ইচ্ছামতে অভিযুক্তক শাস্তি বিহাৰ অভিযোগ তুলি ইতিমধ্যে বিৰোধী কংগ্ৰেছ, অখিল গগৈ আদিয়ে চৰকাৰক সমালোচনা কৰিছে।

তাৰ মাজতে বটদ্ৰৱা কাণ্ড সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি এআইইউডিএফৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলে কয় যে এনে ঘটনা কেৱল আৰক্ষীৰ স্বৈৰাছাৰিতাৰ প্ৰদৰ্শন।

আৰক্ষীৰ বাহনৰ পৰা এজন হাতকেৰেয়া লগোৱা অপৰাধীয়ে কিদৰে জাপ মাৰি নামি আহিব পাৰে বুলি প্ৰশ্ন কৰি বদৰুদ্দিন আজমলে কয়, ‘দাম মে কুছ কালা হ্যে’।

এজন অপৰাধীয়ে আৰক্ষীৰ গাড়ীৰ পৰা জঁপিওৱা আৰু সেই সময়তে পিছফালৰ পৰা অহা আন এখন গাড়ীয়ে খুন্দা মৰাৰ যি দাবী আৰক্ষীয়ে কৰিছে, সেয়া কেতিয়াও মানি ল’ব নোৱাৰি বুলি মন্তব্য কৰি সমগ্ৰ ঘটনাৰ ন্যায়িক তদন্তৰ দাবী কৰে আজমলে।

তেওঁ লগতে কয় যে আমেৰিকাত এজন অপৰাধীয়ে স্কুলত প্ৰৱেশ কৰি ২৩ জনকৈ ছাত্ৰ-ছাত্ৰীক হত্যা কৰাৰ ঘটনা সংঘটিত হ’ব পাৰে, কিন্তু ভাৰতত তেনে ঘটনা সংঘটিত হ’ব নোৱাৰে।

বিশেষকৈ অসমত আৰক্ষীৰ এনে স্বৈৰাছাৰিতা কোনোপধ্যেই চলিব দিয়া নহয় বুলি স্পষ্ট কৰি দিয়ে বদৰুদ্দিন আজমলে।

আনহাতে বটদ্ৰৱা কাণ্ডক লৈ এআইইউডিএফৰ বিধায়ক আশ্ৰাফুল ইছলাম আৰু আমিনুল ইছলামে কৰা মন্তব্যই দলৰ মন্তব্য বুলি স্পষ্ট কৰি দি বটদ্ৰৱা থানা জ্বলাই দিয়া কাণ্ডক লৈ নতুনকৈ মন্তব্য কৰাৰ পৰা বিৰত থাকে বদৰুদ্দিন আজমল।

লগতে চাওকঃ

উৎকোচ কাণ্ড! ঘােচ লৈ হাতে-লোটে ধৰা পৰিল কনিষ্ঠ অভিযন্তা দেৱাশীষ দাস, ঘৰতাে চলিল অভিযান

961

Related Articles

Leave a Reply

Back to top button