ডাম্পাৰ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ট্রাকচালকৰ মৃত্যু-আহত এজন

নিউজ ডেস্ক। মহানগৰীৰ আজাৰা থানাৰ অন্তৰ্গত এয়াৰ ফ’ৰ্চ গে’টত ভয়ংকৰ পথ দুৰ্ঘটনা।

৩৭ ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে পুৱা ৬.১৫ মান বজাত ডাম্পাৰ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলত মৃত্যু চালকজৰ।

নিহত ট্রাক চালকজনৰ নাম ছয়গাঁও থানাৰ অন্তৰ্গত ফালাঘাটৰ ধনঞ্জয় ৰাভা (৪৫) বুলি জানিব পৰা হৈছে।

photo-2022-01-31-20-02-17

জানিব পৰা মতে, এ এছ ২৫ ই চি ৯৩৪৯ নম্বৰৰ বালিভর্তি ডাম্পাৰখনে আজাৰাৰ মির্জাপুৰৰ পৰা মির্জা অভিমুখে গৈ থকা অৱস্থাত ছয়গাঁৱৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা এ এছ ই চি ৪১৬২ নম্বৰৰ ট্রাকখনৰ লগত মুখামুখি সংঘৰ্ষ হয়।

ফলত ট্রাক চালক ধনঞ্জয় ৰাভা (৪৫)ৰ থিতাতে মৃত্যু হোৱাৰ লগতে ট্রাকৰ শ্রমিক ফুলেশ্বৰ দাস (৪৩) আৰু ৰামানন্দ দাস (৪০) আঘাতপ্রাপ্ত হয়।

দুৰ্ঘটনাৰ খবৰ পাই আজাৰা থানাৰ যান-বাহন শাখাৰ আৰক্ষী দুৰ্ঘটনাস্থলীত উপস্থিত হৈ চালকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰাৰ লগতে আহত দুজনক আজাৰা প্রাথমিক চিকিৎসালয়ত ভর্তি কৰে।

লগতে চাওকঃ

ভূপেন বৰাৰ কবিতাৰ সৈতে কি সম্পৰ্ক মিষ্টাৰ ৰাজকুমাৰৰ? ক’লে বিধায়ক জয়ন্ত মল্ল বৰুৱাই…

G1

Leave a Comment